নেশ্যনেল ডেস্ক, 8 মে’: ক’ভিড 19ৰ সাহাৰ্য বিতৰণৰ বাবে 82 খন বিমান নিয়োগ কৰিছে ভাৰতীয় বায়ু সেনাই ৷ ইয়াৰ ভিতৰত আছে 12 খন গধুৰ সামগ্ৰী কঢ়িওৱা আৰু 30 খন মধ্যমীয়া সামগ্ৰী কঢ়িয়াব পৰা বিমান ৷
এই বিমানসমূহে বিদেশৰ পৰা প্ৰয়োজনীয় সাহাৰ্য সামগ্ৰী কঢ়িওৱাৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি জনায় এয়াৰ ভাইছ মাৰ্চাল এম ৰানাদেই ৷ তেওঁ আৰু কয় যে, "এইপৰ্যন্ত আমি 75 টা অক্সিজেনৰ কন্টেইনাৰ কঢ়িয়াইছো আৰু এই প্ৰক্ৰিয়া অব্যাহত আছে ৷"
দেশত কৰ’ণা মাহমাৰীয়ে দ্বিতীয় ঢৌৱে বিভীষিকাৰ সৃষ্টি কৰাৰ সময়তেই এই বিমানসমূহে অন্য ৰাষ্ট্ৰৰ পৰা অক্সিজেন কন্টেইনাৰ কঢ়িওৱাৰ উপৰিও দেশৰ ভিতৰতে চিকিৎসাৰ বাবে প্ৰয়োজনীয় অক্সিজেন কঢ়িওৱা আদি কাৰ্যত নিয়োজিত হৈ আছে ৷ উল্লেখ্য যে, বিগত 24 ঘন্টাত ভাৰতত 4,01,078 গৰাকী লোক এই মহামাৰী কৰ’ণাত আক্ৰান্ত হৈছে ৷
লগতে পঢ়ক : দিনজোৰা বৈঠকতো নোলাল সমিধান : ওলমি ৰৈছে মুখ্যমন্ত্ৰীৰ প্ৰসংগ