ETV Bharat / bharat

Nainital High Court : এচিড আক্ৰমণৰ ভুক্তভোগীক 35 লাখ ক্ষতিপূৰণ

author img

By

Published : Dec 17, 2022, 12:34 PM IST

নাইনিতাল উচ্চ ন্যায়ালয়ে উত্তৰাখণ্ডৰ এচিড আক্ৰমণৰ ভুক্তভোগীৰ সপক্ষে এটা ডাঙৰ সিদ্ধান্ত দিয়ে । উচ্চ ন্যায়ালয়ে উত্তৰাখণ্ড চৰকাৰক ৩৫ লাখ টকাৰ ক্ষতিপূৰণ ভুক্তভোগীক পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে (compensation to acid attack victim in Uttarakhand) ।

NHC
Nainital High Court

নিউজ ডেস্ক, ১৭ ডিচেম্বৰ : উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে (Uttarakhand High Court) এগৰাকী এচিড আক্ৰমণৰ ভুক্তভোগীৰ (acid attack victim) সপক্ষে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে । আদালতে ধামী চৰকাৰক এচিড আক্ৰমণৰ ভুক্তভোগীগৰাকীক ৩৫ লাখ টকা ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ আৰু তেওঁৰ চিকিৎসাৰ সম্পূৰ্ণ ব্যয় বহন কৰিবলৈ নিৰ্দেশ দিছে (35 lakh compensation to acid attack victim) । গোচৰটোৰ শুনানি জ্যেষ্ঠ ন্যায়াধীশ সঞ্জয় কুমাৰ মিশ্ৰৰ এখন বিচাৰপীঠে কৰে ।

উল্লেখ্য যে এচিড আক্ৰমণৰ ভুক্তভোগী গুলনাজ খানে ক্ষতিপূৰণৰ বাবে ২০১৯ চনত উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল । আবেদনকাৰীৰ মতে, যেতিয়া তেওঁক এচিডৰে আক্ৰমণ কৰা হৈছিল তেতিয়া তেওঁ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী আছিল । উক্ত সময়চোৱাত এজন অজ্ঞাত ব্যক্তিয়ে তেওঁৰ সৈতে প্ৰেম কৰাৰ বাবে নিৰন্তৰ হাৰাশাস্তি কৰি আছিল । কিন্তু ভুক্তভোগীয়ে সেয়া বাৰে বাৰে প্ৰত্যাখ্যান কৰিছিল । তাৰ পিছত অভিযুক্ত যুৱকজনে প্ৰতিশোধৰ বাবেই গুলনাজক এচিডেৰে আক্ৰমণ কৰিছিল ।

উক্ত আক্ৰমণত তেওঁৰ শৰীৰৰ ওপৰৰ অংশ 60% তকৈও অধিক জ্বলি গৈছিল । লগতে সোঁ কাণখন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল । লগতে দ্বিতীয়খন কাণৰ শ্ৰৱণ ক্ষমতাও 50 শতাংশ হেৰুৱাইছিল । 2016 চনত ন্যায়িক আদালতে অভিযুক্তজনক 10 বছৰৰ কাৰাদণ্ড প্ৰদান কৰে আৰু তেওঁৰ ওপৰত 20,000 টকাৰ জৰিমনা আৰোপ কৰে । আনহাতে, 2019 চনত উচ্চ ন্যায়ালয়ে ভুক্তভোগীজনক তাৎক্ষণিকভাৱে 1.5 লাখ টকাৰ চিকিৎসা খৰচ পৰিশোধৰ নিৰ্দেশ দিয়ে । কিন্তু গুলনাজে ৰাজ্য চৰকাৰৰ পৰা এই জঘন্য অপৰাধৰ ক্ষতিপূৰণ বিচাৰি উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে আৰু 50 লাখ টকাৰ ক্ষতিপূৰণ দাবী কৰে ।

চূড়ান্ত শুনানিৰ সময়ত চৰকাৰে যুক্তি দিছিল যে আবেদনকাৰীয়ে উচ্চ ন্যায়ালয়ত পোনপটীয়াকৈ আবেদন দাখিল কৰাৰ পৰিৱৰ্তে পৃথক মঞ্চত ইয়াৰ বাবে আবেদন কৰা উচিত । চৰকাৰে লগতে কয় যে এনে এটা ক্ষেত্ৰত ক্ষতিপূৰণ প্ৰদান কৰিলে সকলোৱে এনে ক্ষতিপূৰণ বিচাৰিব । ইয়াৰ প্ৰত্যুত্তৰত আবেদনকাৰীৰ অধিবক্তা স্নিগ্ধা তিৱাৰীয়ে উচ্চ ন্যায়ালয়ক কয় যে এচিড আক্ৰমণৰ ভুক্তভোগীৰ ক্ষেত্ৰত উপযুক্ত ক্ষতিপূৰণ পৰিশোধ কৰা হোৱা নাই । আনহাতে, ৰাজনৈতিক ক্ষেত্ৰত চৰকাৰে কোটি কোটি টকা দিয়ে ।

তেওঁ লগতে কয় যে এগৰাকী ভুক্তভোগীৰ মৰ্যাদা, তেওঁ যি ধৰণে গোটেই জীৱন এই ছাঁত জীয়াই থাকিব লাগিব, সেয়া পৰিশোধ কৰিব লাগে । উক্ত যুক্তিবোৰৰ পিছত উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক ভুক্তভোগীক 35 লাখ টকাৰ ক্ষতিপূৰণ, চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ ব্যয় পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে । উল্লেখ্য, উচ্চ ন্যায়ালয়ৰ এই আদেশক বিভিন্ন ধৰণে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে । একেখন আবেদনত গৃহীত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰণ কৰি, ৰাজ্য চৰকাৰে 2020 চনত এচিড আক্ৰমণৰ ভুক্তভোগীসকলৰ বাবে এখন আঁচনি উলিয়াইছিল ।

লগতে পঢ়ক :Adani Group shuts down cement companies : আদানী গ্ৰুপলৈ জাননী জাৰি হিমাচল চৰকাৰৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.