ETV Bharat / bharat

28 বছৰত 24 গৰাকী যুৱতীৰ লগত বিবাহপাশত আৱদ্ধ এজন যুৱক

28 বছৰত বয়সত 24 গৰাকী মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে আছাবুলে (28 year old man married 24 women)৷ কিন্তু বিয়াৰ কেইদিনমানৰ পিছতে পত্নীৰ সোণৰ আ-অলংকাৰ লৈ উধাও হয় স্বামীৰূপী আছাবুল ৷

Etv Bharat28-year-old Bengal conman married 24 women
Etv Bharat28 বছৰত 24 গৰাকী যুৱতীৰ লগত বিবাহপাশত আৱদ্ধ এজন যুৱক
author img

By

Published : Oct 1, 2022, 9:23 PM IST

Updated : Oct 1, 2022, 10:02 PM IST

নেশ্যনেল ডেস্ক, 1 অক্টোবৰ: আজৱ দেশত গজৱ ঘটনা ৷ আমি মানুহৰ চখৰ কথা শুনিছো ৷ কিন্তু এইজন যুৱকৰ আশ্চৰ্যজনক চখে আপোনাৰো চকু কঁপালত উঠিব ৷ পশ্চিম বংগৰ আছাবুল মোল্লা নামৰ যুৱকজনৰ কাণ্ডই আচৰিত কৰিছে খোদ আৰক্ষীকো ৷ 28 বছৰত বয়সত 24 গৰাকী মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে আছাবুলে (28 year old man married 24 women)৷

ঘটনা অনুসৰি ভিন্ন সমত আছাবুলৰ পৰিচয় সলনি হয় ৷ লগতে সলনি হয় আধাৰ কাৰ্ডসহ সকলো পৰিচয় পত্ৰ ৷ বছৰ বছৰ ধৰি আছাবুলে নিজৰ পৰিচয় লুকুৱাই মহিলাৰ সৈতে সম্পৰ্ক গঢ়ি তোলে, তাৰ পিছতে কথামতেই পাৰম্পৰিক ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হয় ৷ কিন্তু বিয়াৰ কেইদিনমানৰ পিছতে পত্নীৰ সোণৰ আ-অলংকাৰ লৈ উধাও হয় স্বামীৰূপী আছাবুল ৷

এনেকৈয়ে দিনৰ পিছত দিন নাৰীৰ লগত বিবাহপাশত আৱদ্ধ হৈ আ-অলংকাৰ চুৰি কৰিয়েই সুখেৰে জীৱন নিৰ্বাহ কৰি আছিল আছাবুলে (Flee with with wives gold ornaments)৷ কিন্তু হঠাতে লাগিল কেনা ৷

আজিৰ পৰা প্ৰায় কেইবছৰমানৰ পূৰ্বে পশ্চিম বংগৰ চাগাদিৰ্ঘি নামৰ ঠাইৰ এগৰাকী মহিলাই এজন যুৱকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল ৷ তেওঁ অভিযোগ উত্থাপন কৰিছিল যে কেইদিনমানৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা মহিলগৰাকীৰ স্বামীয়ে সোণৰ আ-অলংকাৰ লৈ উধাও হৈছিল ৷

তাৰ পিছৰে পৰা চাৰিদিৰ্ঘিয়া আৰক্ষীয়ে যুৱকজনক বিচাৰি তদন্ত অব্যাহত ৰাখিছিল ৷ আৰক্ষীৰ এই অনুসন্ধানত ধৰা পৰিছিল যে অভিযুক্ত যুৱকে পথ নিৰ্মাণ আৰু মেৰামতিৰ কামৰ বাবে চাকৰি বিচাৰি বিভিন্ন অঞ্চললৈ গৈছিল ৷ কেতিয়াবা তেওঁ নিজকে জেচিবি চালক হিচাপে পৰিচয় দিছিল আৰু কেতিয়াবা তেওঁ অনাথ বুলি দাবী কৰিছিল ৷

তেওঁৰ লক্ষ্য আছিল মহিলাসকলৰ সোণৰ গহনা চুৰি কৰা আৰু তাৰ পিছত কেইসপ্তাহমান তাত থকাৰ পিছত শহুৰেকৰ ঘৰৰ পৰা পলায়ন কৰা ৷ আৰক্ষীৰ হাতৰ পৰা বাচিবলৈ অভিযুক্ত যুৱকে এখন ছিম বেছিদিনলৈ ব্যৱহাৰ কৰা নাছিল ৷ জালিয়াতি কৰাৰ কেইদিনমানৰ পিছতে যুৱকজনে ফোনটো বন্ধ কৰি দিছিল ৷

কিন্তু অসমীয়াত এষাৰ কথা আছে এশ গৰু মাৰিলে মাঘৰো মৰণ ৷ যোৱা ২৮ ছেপ্টেম্বৰত আছাবুলক উত্তৰ ২৪ পৰগণাৰ দট্টাপুকুৰ আৰক্ষী থানা অঞ্চলৰ পৰা চাগাৰ্দিঘি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ তেওঁক সম্প্ৰতি আৰক্ষীয়ে চাগাৰ্দিঘি আৰক্ষী চকীলৈ লৈ আহে ৷

আৰক্ষীৰ জেৰাৰ পিছত অভিযুক্ত যুৱকে কয় যে পশ্চিম বংগৰ উপৰিও বিহাৰতো বিবাহপাশত আৱদ্ধ হৈছিল (Accused also married in Bihar)৷ এই সন্দৰ্ভত পৰৱৰ্তী সময়ত অধিক তদন্ত অব্যাহত আছে ৷

লগতে পঢ়ক: যৌতুকৰ নামত পাঁচমহীয়া গৰ্ভৱতী মহিলাক মৰিয়াই মৰিয়াই হত্যা

Last Updated : Oct 1, 2022, 10:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.