ETV Bharat / bharat

Patients died in Govt Hospital: ঔষধৰ নাটনিৰ বাবে 24 ঘণ্টাত প্ৰাণ হেৰুৱালে 24 জনকৈ ৰোগীয়ে, চাঞ্চল্য অব্যাহত - 24 ঘণ্টাত প্ৰাণ হেৰুৱালে 24 জনকৈ ৰোগীয়ে

24 ঘণ্টাত মহাৰাষ্ট্ৰৰ নান্দেদ চৰকাৰী চিকিৎসালয়ত মৃত্যু ঘটিল 24 জনকৈ ৰোগীৰ; ইয়াৰ ভিতৰত আছে 12 টাকৈ নৱজাতক ৷ ঔষধৰ নাটনিৰ বাবে এই শোকাৱহ ঘটনা সংঘটিত হোৱা বুলি তথ্য পোহৰলৈ আহিছে ৷

Nanded govt hospital due to lack of medicine IN MH
ঔষধ যোগানৰ অভাৱত ৰোগীয়ে প্ৰাণ হেৰুৱাইছে
author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 9:22 AM IST

নেশ্যনেল ডেস্ক, 3 অক্টোবৰ: মহাৰাষ্ট্ৰৰ চৰকাৰী হাস্পতালত চাঞ্চল্যকৰ ঘটনা । 24 ঘণ্টাত নান্দেদ চৰকাৰী চিকিৎসালয়ত মৃত্যু ঘটিল 24 জন ৰোগীৰ; ইয়াৰ ভিতৰত আছে 12 টাকৈ নৱজাতক ৷ এই ঘটনাই সম্প্ৰতি বিশেষ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷

জানিব পৰা মতে, সময়মতে ঔষধ যোগানৰ অভাৱত ৰোগীয়ে প্ৰাণ হেৰুৱাইছে । সমগ্ৰ ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত হাফকিন মেডিচিনৰ ঔষধৰ ব্যাপক নাটনি হৈছে বুলি জানিব পৰা গৈছে । যাৰ বাবে ব্যাপক অব্যৱস্থাৰ সন্মুখীন হৈছে স্বাস্থ্য ব্যৱস্থা । চৰকাৰী চিকিৎসালয়খনৰ অধীক্ষকগৰাকীয়ে মৃতকৰ ভিতৰত জিলাখনৰ বাহিৰৰ অধিক ৰোগী আছে বুলি দাবী কৰে । ঘটনা সন্দৰ্ভত জিলাখনত যথেষ্ট আলোড়নৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ বিষয়টোৰ উচিত তদন্তৰ দাবী উত্থাপন হৈছে ।

ঘটনা সন্দৰ্ভত ডাঃ শংকৰৰাও চৱন চৰকাৰী চিকিৎসালয়, নান্দেদ আদিত্য এছ আৰ ৱাকোডে তথ্য প্ৰদান কৰিছে । লগতে চিকিৎসালয়খনৰ আত্মীয়ই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ "ঔষধৰ নাটনি ঘটাৰ বাবে বৰ্তমান ঔষধৰ বোজা ৰোগীয়ে নিজেই বহন কৰিবলগীয়াত পৰিছে । নান্দেদ অঞ্চলত 70-80 কিলোমিটাৰ পৰ্যন্ত এলেকাত নান্দেদ সদৃশ চিকিৎসালয় নাই । সেইবাবেই ৰোগীক এইখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । বৰ্তমান পৰ্যন্ত ইয়াত 12 টাকৈ নৱজাতকৰ মৃত্যু ঘটিছে । ঔষধ ক্ৰয় কৰিব নোৱাৰাৰ বাবে অসুবিধাৰ সৃষ্টি হৈছে ৷

আনহাতে, চিকিৎসালয়খনত কৰ্মচাৰী, চিকিৎসক, নাৰ্ছৰ অভাৱ বুলিও জানিব পৰা গৈছে । একেদৰে আন জিলা আৰু তেলেংগানা ৰাজ্যৰ পৰাও বহু ৰোগী চিকিৎসালয়খনত প্ৰৱেশ কৰে । চিকিৎসালয়খনত ৰোগীৰ সংখ্যা সৰহ । ঔষধৰ অভাৱ আৰু চিকিৎসকৰ অপৰ্যাপ্ততাৰ বাবে ৰোগীৰ সেৱা বাধাপ্ৰাপ্ত হৈছে ।

বিগত 24 ঘন্টাত 6 গৰাকী কন্যা আৰু 6 টা ল’ৰাকে ধৰি 12 টা নৱজাতকৰ মৃত্যু হৈছে । লগতে চিকিৎসালয়খনৰ অধীক্ষকে জনাইছে যে সাপৰ কামোৰ আদি ৰোগৰ দৰে অন্যান্য গুৰুতৰ ৰোগত 12 গৰাকী লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক : Buldhana accident : শুই থকা অৱস্থাতে ট্ৰাকে মহতিয়াই মাৰিলে 10 শ্ৰমিকক, আহত কেবাজনো

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.