ETV Bharat / bharat

হায়দৰাবাদৰ এগৰাকী ৰোগীৰ বৃক্কৰ পৰা ওলাল ২০৬ টা পাথৰ - হায়দৰাবাদৰ এগৰাকী ৰোগীৰ বৃক্কৰ পৰা ওলাল ২০৬ টা পাথৰ

দীৰ্ঘদিন ধৰি কঁকালৰ বিষত ভূগি আছিল এজন ৫৬ বছৰীয়া লোকে । চিকিৎসকৰ ওচৰলৈ গ’ল তেওঁ ৷ প্ৰাৰম্ভিক অনুসন্ধান আৰু আল্ট্ৰাচাউণ্ড স্কেনত তেওঁৰ বাওঁ বৃক্কত একাধিক পাথৰৰ উপস্থিতি ধৰা পৰে ৷ অৱশেষত তেওঁৰ বৃক্কৰ পৰা ওলাল ২০৬ টা পাথৰ (206 kidney stones removed from man in Hyderabad)। সমগ্ৰ ঘটনাক লৈ হাস্পতালখনত কৌতূহলে বিৰাজ কৰিছে ।

kidney stones
হায়দৰাবাদৰ এগৰাকী ৰোগীৰ বৃক্কৰ পৰা ওলাল ২০৬ টা পাথৰ
author img

By

Published : May 20, 2022, 1:58 PM IST

নেশ্যনেল ডেস্ক,২০ মে' : হায়দৰাবাদৰ এৱাৰ গ্লেনিগলছ গ্লোবেল হাস্পতালত চাঞ্চল্যকৰ ঘটনা । এগৰাকী ৰোগীৰ বৃক্কৰ পৰা ওলাল ২০৬ টা পাথৰ (206 kidney stones removed from man in Hyderabad)। এই ঘটনাৰ পাছত হাস্পতালখনৰ ৰোগী আৰু চিকিৎসকৰ মাজত ব্যাপক কৌতূহল দেখিবলৈ পোৱা গৈছে ।

জানিব পৰা মতে, নালগোণ্ডাৰ বাসিন্দা বীৰামাল্লা ৰামালাক্ষ্মায়া নামৰ ৫৬ বছৰীয়া লোকজন প্ৰায় ৬ মাহ ধৰি প্ৰচণ্ড কঁকালৰ বিষত ভুগি আছিল । গৰম দিন কেইটাও এই বিষ যথেষ্ট বাঢ়িছিল । পিছত স্থানীয় এগৰাকী চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁ ঔষধ খাইছিল আৰু কম সময়ৰ বাবে বিষৰ পৰা সকাহ পাইছিল । কিন্তু ক্ৰমাৎ কঁকালৰ বিষ বাঢ়ি অহাত অধিক চিন্তিত হৈছিল লোকজন । যাৰ বাবে তেওঁ যোৱা ২২ এপ্ৰিলত এৱাৰ গ্লেনিগলছ গ্লোবেল হাস্পতালৰ চিকিৎসকৰ কাষ চাপে (Aware Gleneagles Global Hospital kidney stone case)।

হাস্পতালখনৰ জ্যেষ্ঠ চিকিৎসক তথা ইউৰোলজিষ্ট ডাঃ পুল্লা নবীন কুমাৰে কোৱা মতে প্ৰাৰম্ভিক অনুসন্ধান আৰু আল্ট্ৰাচাউণ্ড স্কেনত তেওঁৰ বাওঁ বৃক্কত একাধিক পাথৰৰ উপস্থিতি ধৰা পৰে । পৰৱৰ্তী সময়ত আন এটা পৰীক্ষাত এই কথা নিশ্চিত হয় । পিছতে ৰোগীগৰাকীৰ অস্ত্ৰোপচাৰ কৰা হয় ।

অস্ত্ৰোপচাৰৰ সময়ত তেওঁ বৃক্কৰ পৰা ২০৬ টাকৈ পাথৰ উলিয়াবলৈ সক্ষম হয় চিকিৎসকৰ দলটো । ৰোগীগৰাকীক অস্ত্ৰোপচাৰ কৰাৰ দ্বিতীয় দিনাই হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় বুলি জানিব পৰা গৈছে । ইফালে এই সফল অস্ত্ৰোপচাৰটোত ড৹ নবীন কুমাৰক ইউৰোলজিষ্ট ড৹ বেণু মানন, এনাস্থেচিয়া বিশেষজ্ঞ ডাঃ মোহন, নাৰ্চসকল আৰু সহায়ক কৰ্মচাৰীৰ আন সদস্যসকলে সহযোগ কৰে ।

উল্লেখ্য যে, গৰমৰ দিনকেইটাত বহুলোক ডিহাইড্ৰেচনত ভুগি থকা দেখা যায় । ইয়াৰ ফলত বৃক্কত পাথৰ জমা হ'ব পাৰে । সেয়ে চিকিৎসকসকলে অধিক পানী খাবলৈ আৰু যদি সম্ভৱ হয় নাৰিকল পানী খাবলৈ পৰামৰ্শ দিয়ে ।

লগতে পঢ়ক :কানপুৰত পাকিস্তানীয়ে বিক্ৰী কৰিছিল ৰাম-জানকী মন্দিৰ !

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.