নিউজ ডেস্ক,১৩ ফেব্ৰুৱাৰী: এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে বিদেশী নাগৰিক । কৰ্ণাটকত ড্ৰাগছ সৰবৰাহত জড়িত দুজনকৈ নাইজেৰিয়াৰ নাগৰিকক গ্ৰেপ্তাৰ কৰে কৰ্ণাটক আৰক্ষীয়ে । শনিবাৰে ৰাজ্যখনৰ ৰামানুৰ্থি নগৰ আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত অভিযান চলাই কেন্দ্ৰীয় অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত নাইজেৰিয়াৰ নাগৰিক দুয়োজনক ।
লগতে কেন্দ্ৰীয় অপৰাধ শাখাই দুয়োজনৰ পৰা প্ৰায় ১৫ লাখ মূল্যৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে । অধিক তথ্য়ৰ বাবে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে কেন্দ্ৰীয় অপৰাধ শাখাই ।
লগতে পঢ়ক: মাংগালুৰু বিমানবন্দৰত ১০ লাখ টকাৰ সোণ জব্দ