ETV Bharat / bharat

Man and wild animal conflict : যোৱা ৩ বছৰত দেশত বৃদ্ধি মানুহ আৰু বন্যপ্ৰাণীৰ সংঘৰ্ষ - Man elephant conflict in India

ৰাজ্যসভাত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেয়ে এক লিখিত উত্তৰত কয় যে যোৱা তিনি বছৰত হাতীৰ আক্ৰমণৰ ফলত দেশত ১৫৮১ গৰাকী লোকৰ মৃত্যু হৈছে আৰু বাঘৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে ২০৭ গৰাকী লোকৰ (Killed in wild animal attack)। মহাৰাষ্ট্ৰত বাঘৰ আক্ৰমণৰ ফলত সৰ্বাধিক সংখ্যক লোকৰ মৃত্যু ।

Man and wild animal conflict
যোৱা ৩ বছৰত দেশত বৃদ্ধি মানুহ আৰু বন্যপ্ৰাণীৰ সংঘৰ্ষ
author img

By

Published : Mar 17, 2023, 9:36 PM IST

নেশ্যনেল ডেস্ক,১৭ মাৰ্চ : যোৱা তিনি বছৰত হাতীৰ আক্ৰমণৰ ফলত প্ৰায় ১৫৮১ গৰাকী লোকৰ মৃত্যু হৈছে (1581 killed in elephant attacks)। আনহাতে একে সময়তে বাঘৰ আক্ৰমণৰ ফলত ২০৭ গৰাকী লোকৰ মৃত্যু হৈছে (207 deaths in tiger attacks in India)। শুকুৰবাৰে ৰাজ্যসভাত চৰকাৰে এই কথা সদৰী কৰে ।

তামিলনাডুৰ সাংসদ ডি বীৰেন্দ্ৰ হেগাডেৰ এক প্ৰশ্নৰ উত্তৰত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেয়ে এই তথ্য প্ৰদান কৰিছে । যোৱা তিনি বছৰত দেশৰ বিভিন্ন প্ৰান্তত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত এই কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে ৰাজ্য অনুসৰি তথ্য শ্বেয়াৰ কৰি কয় যে যোৱা তিনি বছৰত হাতীৰ আক্ৰমণৰ ফলত ১৫৮১ গৰাকী লোকৰ মৃত্যু হৈছে (Elephant attacks in India)। ইয়াৰ ভিতৰত ২০১৯ চনত ৫৮৫ গৰাকী, ২০২০ চনত ৪৬১ গৰাকী আৰু ২০২১ চনত ৫৩৫ গৰাকী লোকৰ মৃত্যু হৈছে ।

মন্ত্ৰীগৰাকীৰ মতে ওড়িশাত ২০১৯ চনত ১১৭ গৰাকী লোকৰ সৈতে হাতীৰ আক্ৰমণৰ ফলত মুঠ ৩২২ গৰাকী লোকৰ মৃত্যু হৈছে । ২০২০ চনত ৯৩ আৰু ২০২১ চনত ১১২ গৰাকী লোকৰ মৃত্যু হৈছে । ইয়াৰ পাছতে ঝাৰখণ্ডত মুঠ ২৯১ গৰাকী লোকৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত ২০১৯ চনত ৮৪ গৰাকী, ২০২০ চনত ৭৪ গৰাকী আৰু ২০২১ চনত ১৩৩ গৰাকী লোকৰ মৃত্যু হৈছে । পশ্চিমবংগত ২০১৯ চনত ১১৬ গৰাকী লোকৰ হাতীৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে (Man elephant conflict in India)।

২০২০ চনত ৪৭ গৰাকী আৰু ২০২১ চনত ৭৭ গৰাকী লোকৰ মৃত্যু হৈছে । একেদৰে, মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা তিনি বছৰত বাঘৰ আক্ৰমণৰ ফলত দেশত ২০৭ গৰাকী লোকৰ মৃত্যু হৈছে । বাঘৰ আক্ৰমণৰ ফলত ২০২০ চনত ৪৪ গৰাকী, ২০২১ চনত ৫৭ গৰাকী আৰু ২০২২ চনত ১০৬ গৰাকী লোকৰ মৃত্যু হৈছে (Tiger attack case in India)।

মহাৰাষ্ট্ৰত বাঘৰ আক্ৰমণৰ ফলত সৰ্বাধিক সংখ্যক লোকৰ মৃত্যু হৈছে (Highest number of deaths due to tiger attacks)। ৰাজ্যখনত বাঘৰ আক্ৰমণৰ ফলত ২০২০ চনত ২৫ গৰাকী, ২০২১ চনত ৩২ গৰাকী আৰু ২০২২ চনত ৮৪ গৰাকী লোকৰ মৃত্যু হয় । ইয়াৰ পাছত উত্তৰ প্ৰদেশত ২০২০ চনত ৪ গৰাকী, ২০২১ চনত ১১ গৰাকী আৰু ২০২২ চনত ১৪ গৰাকী লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক :Poster war in Telangana: নিজামৰ দেশত সন্ধানহীন বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.