নেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ : মণিপুৰৰ টেংনুপাল জিলাত সোমবাৰে দুটা উগ্ৰপন্থীৰ গোটৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাত প্ৰায় 13 জন লোক নিহত হয় বুলি জানিব পৰা গৈছে ৷ এই ঘটনাটো লিথু গাঁৱত সংঘটিত হয় ৷ ঘটনাস্থলীত উপস্থিত হোৱা নিৰাপত্তা বাহিনীয়ে এতিয়ালৈকে 13 টা মৃতদেহ উদ্ধাৰ কৰিছে ৷ এতিয়ালৈকে মৃত লোককেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই ৷ কিন্তু তেওঁলোক স্থানীয় লোক নহয় বুলি জানিব পৰা গৈছে ৷
এই ঘটনাৰ পিচতে এগৰাকী বিষয়াই জনোৱা অনুসৰি, নিৰাপত্তা বাহিনীয়ে মৃতদেহকেইটাৰ ওচৰত কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ বিচাৰি পোৱা নাছিল ৷ আন এগৰাকী বিষয়াই কয় যে, মৃত লোকসকল লিথু অঞ্চলৰ নহয় ৷ তেওঁলোক অন্য ঠাইৰ লোক ৷ তেওঁলোকে সম্ভৱতঃ বেলেগ ঠাইৰ পৰা আহি আছিল ৷
ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে। তেওঁলোকে বিষয়টো তদন্ত কৰি আছে বুলি অন্য এগৰাকী বিষয়াই জানিবলৈ দিয়ে । লক্ষণীয়ভাৱে, টেংনুপাল জিলা মণিপুৰ আৰু ম্যানমাৰৰ সীমাত অৱস্থিত ৷ মণিপুৰ প্ৰশাসনে ম্যানমাৰৰ সৈতে সীমান্ত অঞ্চলত এনেধৰণৰ ঘটনা সংঘটিত হৈ অহাৰ কথা ইয়াৰ পূৰ্বেও উল্লেখ কৰি আহিছে ৷
উল্লেখ্য যে, মণিপুৰত যোৱা 3 মে'ৰ পৰা মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত জাতিগত সংঘৰ্ষই ভয়ংকৰ ৰূপ লৈছিল । এই সংঘৰ্ষত কমেও 182 গৰাকী লোকৰ মত্যু হোৱাৰ লগতে প্ৰায় 50 হাজাৰ লোক গৃহহীন হৈছে ।
কেন্দ্ৰীয় আৰু মণিপুৰ চৰকাৰে ৰাজ্যখনৰ আটাইতকৈ পুৰণি উগ্ৰপন্থী সংগঠন ইউনাইটেড নেচনেল লিবাৰেচন ফ'ৰ্চৰ (ইউএনএলএফ) সৈতে নতুন দিল্লীত শান্তি চুক্তি স্বাক্ষৰ কৰাৰ মাত্ৰ চাৰি দিনৰ পিচতে এই ঘটনা সংঘটিত হৈছিল ৷
লগতে পঢ়ক: মিজোৰামত চৰকাৰ গঠনৰ বাবে সাজু জেড পি এম; বিজেপিৰ মতে ফলাফল অপ্ৰত্যাশিত