ETV Bharat / bharat

Sex ratio improved in India : দেশত পুৰুষ-মহিলাৰ অনুপাত 1000:1020 - দেশত 1000 গৰাকী পুৰুষৰ বিপৰীতে 1020 গৰাকী মহিলা

লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভাৰতী প্ৰবীণ পাৱাৰে কয় যে পূৰ্বতকৈ দেশত লিংগৰ অনুপাত বৃদ্ধি হৈছে (Sex ratio in India has improved) । ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ অনুসৰি, সম্প্ৰতি প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে আছে ১০২০ গৰাকী মহিলা ।

Sex ratio improved in India
পূৰ্বতকৈ দেশৰ লিংগ অনুপাত উন্নত হৈছে
author img

By

Published : Dec 18, 2021, 12:45 PM IST

নেশ্যনেল ডেস্ক, ১৮ ডিচেম্বৰ : ভাৰতত এতিয়া প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে আছে ১০২০ গৰাকী মহিলা । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভাৰতী প্ৰবীণ পাৱাৰে এই তথ্য সদৰী কৰিছে । লোকসভাত এক লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বতকৈ দেশত লিংগ অনুপাত উন্নত হৈছে (Sex ratio in India has improved) ।

ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপৰ (National Family Health Survey) পঞ্চম পৰ্যায়ৰ তথ্য অনুসৰি এই অনুপাত প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে আছে ১০২০ গৰাকী মহিলা । আনহাতে শিশুৰ লিংগ অনুপাতৰ উন্নতিক লৈ মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ 'বেটি বচাও বেটি পঢ়াও' আঁচনিয়ে (Beti Bachao Beti Padhao scheme of India) এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে । মন্ত্ৰীগৰাকীৰ মতে এই আঁচনিৰ প্ৰধান লক্ষ্য আছিল সংবাদ মাধ্যম অথবা বিভিন্ন ধৰণৰ অভিযানৰ জৰিয়তে দেশত সজাগতা সৃষ্টি কৰা ।

হ্ৰাস হোৱা কন্যা শিশুৰ লিংগ অনুপাত বৃদ্ধি কৰা আৰু মহিলা সৱলীকৰণ এই আঁচনিৰ আন এক প্ৰধান উদ্দেশ্য । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে লিংগ বৈষম্য দূৰ কৰা, যৌন নিৰ্যাতন বন্ধ কৰা, কন্যা সন্তানক সুৰক্ষা প্ৰদান কৰাৰ লগতে কন্যা সন্তানৰ শিক্ষা আৰু প্ৰতিটো দিশতে উন্নয়ন সাধন কৰাটো হৈছে আঁচনিৰ প্ৰাথমিক লক্ষ্য ।

লগতে পঢ়ক : শিক্ষা খণ্ডৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে বিধায়কৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.