ETV Bharat / bharat

ত্ৰিপুৰাত 1 হাজাৰ সহজলভ্য আৱাস নিৰ্মাণৰ শিলান্যাস কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে - ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত দৰিদ্ৰ আৰু মধ্যম বৰ্গীয় লোকৰ বাবে অত্যাধুনিক কৌশল ব্যৱহাৰেৰে নিৰ্মাণ কৰা 1000টা সহজসভ্য আৱাসৰ শিলান্যাস কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এক ভিডিঅ‘ কন্ফাৰেন্সৰ জৰিয়তে অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

1,000 light flats for poor, best performing hilly state tag, new Year gift : Tripura CM
ত্ৰিপুৰাত 1 হাজাৰ সহজলভ্য ফ্লেট নিৰ্মাণৰ শিলান্যাস কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
author img

By

Published : Jan 1, 2021, 7:00 PM IST

আগৰতলা, 1 জানুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত দৰিদ্ৰ আৰু মধ্যম বৰ্গীয় লোকৰ বাবে অত্যাধুনিক কৌশল ব্যৱহাৰেৰে নিৰ্মাণ কৰা 1000 টা সহজসভ্য আৱাসৰ শিলান্যাস কৰে ৷ এক ভিডিঅ‘ কন্ফাৰেন্সৰ জৰিয়তে অনুষ্ঠানত অংশগ্ৰহণ কৰি এই আঁচনিৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে ৷ উক্ত ভিডিঅ‘ কন্ফাৰেন্স যোগে আয়োজিত অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱেও অংশগ্ৰহণ কৰে ৷

ত্ৰিপুৰাত 1 হাজাৰ সহজলভ্য ফ্লেট নিৰ্মাণৰ শিলান্যাস কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

আধাৰশিলা স্থাপনৰ উপৰিও উক্ত অনুষ্ঠানত ৰাজ্যখনে তেওলোকৰ প্ৰশংসনীয় পদক্ষেপ আৰু কাৰ্যক্ৰমণিকাৰ বাবে পুৰস্কৃতও কৰা হয় ৷

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, " মই এই সুযোগতে ৰাজ্যখনৰ প্ৰত্যেকগৰাকী ব্যক্তিক শুভকামনা জনাইছো ৷ আমাৰ ৰাজ্যখনে তিনিটাকৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ৰাজ্যখনক সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ পুৰস্কাৰ, এ.এম.চি.ৰে সন্মানিত কৰা হয় ৷ আগৰতলা নগৰ নিগম আৰু বেলোনিয়া নগৰ পৰিষদেও একোটা পুৰস্কাৰ লাভ কৰে ৷ "

আনহাতে সহজলভ্য আৱাস নিৰ্মাণ প্ৰসংগত মন্তব্য আগবঢ়াই তেখেতে এই কাৰ্যৰ দ্বাৰা প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাৰ দৰিদ্ৰ আৰু মধ্যম বৰ্গীয় লোকক সন্মান কৰিছে বুলি কয় ৷ তদুপৰি এই ঘৰসমূহ নিউজিলেণ্ডত বিকশিত কাটিং এজ কৌশলেৰে নিৰ্মাণ কৰা হ‘ব বুলি জনায় ৷

লগতে পঢ়ক : নৱবৰ্ষৰ উপলক্ষে অনুৰাগীক শুভেচ্ছা বি টাউনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.