ETV Bharat / snippets

বশিষ্ঠত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 10:11 PM IST

YOUTH SERIOUSLY INJURED IN ATTACK
অস্ত্ৰধাৰী দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক (ETV BHARAT ASSAM)

গুৱাহাটী ৮ জুলাই : গুৱাহাটী মহানগৰীৰ বশিষ্ঠত চাঞ্চল্যকৰ ঘটনা ৷ বশিষ্ঠৰ বৰপথাৰত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলবব্ধ আক্ৰমণত আহত নিতুল ডেকা নামৰ এজন যুৱক। দুখন স্কুটীত অহা চাৰি যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে নিতুল ডেকাক।

উল্লেখ্য যে ভুক্তভোগী যুৱকজন কৰ্মস্থলীৰ পৰা ঘৰলৈ নিজৰ গাড়ীত গৈ থকাৰ সময়তে সংঘটিত হয় এই ঘটনা । গাড়ীৰ পৰা পানী চিটিকি গাত পৰাৰ অভিযোগত আক্ৰমণকাৰীয়ে এই ঘটনা সংঘটিত কৰে বুলি অভিযোগ নিতুল ডেকাই। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । জানিব পৰা মতে আক্ৰমণকাৰী দুজন যুৱকৰ নাম বৰ্নিল আৰু নৱজিৎ। গুৰুতৰভাৱে আহত নিতুল ডেকাক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.