ধুবুৰী, ১৫ জুলাই: ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডাঙিৰচৰ ঝালেৰআলগা গাঁৱত সোমবাৰে সংঘটিত হৈছে এক শোকাৱহ ঘটনা । একেটা পৰিয়ালৰে এটি শিশু পানীত পৰাত শিশুটিক বচাবলৈ আন দুটি শিশুৱে জাঁপ দিয়াত তিনিও সন্ধানহীন হয় । ৰাইজে গৌৰীপুৰ আৰক্ষী আৰু এছ ডি আৰ এফক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী আৰু এছ ডি আৰ এফ উপস্থিত হৈ অভিযান চলায় ।
এছ ডি আৰ এফে এটি শিশুক জীৱন্তে উদ্ধাৰ কৰে । ইয়াৰ পিচতেই আন দুটি শিশুৰ মৃতদেহ উদ্ধাৰ হয় । মৃত শিশু দুটি আবু ছায়েদ (৬) আৰু ছুলতানা পাৰবিন (৮)। জীৱন্তে উদ্ধাৰ হোৱা শিশুটিক ধুবুৰী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।