ETV Bharat / snippets

টীয়কত বিলাসী বাহনসহ ছাগলী চোৰ আটক

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 6:38 AM IST

Theft in Teok
ছাগলী চোৰ গ্ৰেপ্তাৰ (ETV BHARAT ASSAM)

টীয়ক, ২৬ জুন: এসময়ৰ বিলাসী বাহন এতিয়া হৈছেগৈ ছাগলী চুৰিৰ আহিলা । সম্ভ্ৰান্ত পৰিয়ালৰ বাহন হিচাপে পৰিচিত এই বিলাসী বাহনখন এতিয়া ছাগলী চুৰিত ব্যৱহাৰ কৰি চোৰে নিতৌ ন ন কৌশল অৱলম্বন কৰিছে । অৱশ্যে ইয়াৰ মাজতেই যোৰহাট জিলাৰ টীয়ক আৰক্ষীয়ে এনে বাহনৰ সৈতে কৰায়ত্ত কৰে আমিৰ আলী নামৰ চোৰটোক ।

টীয়কৰ জগদুৱাৰৰ পৰা চোৰটোৱে এখন বিলাসী বাহনত চুৰি কৰি আনিছিল তিনিটাকৈ ছাগলী । এই চুৰি কাৰ্য সম্পাদন কৰোতেই স্থানীয় ৰাইজৰ উক্ত বাহনখনৰ ওপৰত সন্দেহ হোৱাত টীয়ক থানাৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে বাহনসহ চোৰটোক গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ জেৰাত চোৰটোৱে ছাগলী চুৰি কৰাৰ কথা স্বীকাৰ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.