ETV Bharat / snippets

আল্ট্ৰা বাছে মহতিয়ালে যাত্ৰীবাহী অট’, থিতাতে নিহত ৩জন

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 5:02 PM IST

TERRIBLE ROAD ACCIDENT
আল্ট্ৰা বাছে মহতিয়ালে যাত্ৰীবাহী অট’, থিতাতে নিহত ৩জন (ETV BHARAT ASSAM)

মৰাণ, 4 জুন : ডিব্ৰুগড় জিলাৰ চাবুৱাত শোকাৱহ পথ দুৰ্ঘটনা ৷ চাবুৱাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া অভিমুখে আহি থকা AS23 BC7437 নম্বৰ আল্ট্ৰা বাছখনে একে দিশৰ পৰা আহি থকা এখন যাত্ৰীবাহী অট’ক খুন্দা মাৰি চোঁচৰাই লৈ যায় ৷ আহত লোকসকলক স্থানীয় ৰাইজ আৰু চাবুৱা আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

মৃত্যু হোৱা তিনিজনৰ ভিতৰত অভিজিত বৰুৱা, সঞ্জয় শ‌ইকীয়া বুলি জানিব পৰা গৈছে ৷ অৱশ্য়ে আন এজন পৰিচয় এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক: বিষাক্ত কাঠফুলা সেৱন কৰি চিকিৎসাধীন ৫ জন - poisonous mushrooms

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.