ETV Bharat / snippets

হোজাইত বান পৰিস্থিতি পৰিদৰ্শন সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 6:48 AM IST

mp Kamakhya Prasad Tasa consoles flood affected people in hojai
বান পৰিস্থিতি পৰিদৰ্শন (ETV Bharat)

হোজাই, 19 জুন : হোজাইত বান পৰিস্থিতি পৰিদৰ্শন কাজিৰঙা লোকসভা সংসদীয় সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ । বছৰটোৰ প্ৰথমটো বানৰ পৰা পৰিত্ৰাণ লাভ নকৰোতেই দ্বিতীয়টো বানত ডুব যায় হোজাইৰ বিস্তৃৰ্ণ অঞ্চল ৷ কপিলী নৈৰ বাঢ়নী পানীয়ে যথেষ্ট ক্ষতি কৰিছে উক্ত অঞ্চলকেইটাৰ বাসিন্দাক । হোজাইৰ ঠেপলাগুড়িত উপস্থিত হৈ বান পৰিদৰ্শন কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ।

পূৰ্বতকৈ এইবাৰ পানী কিছু কম বুলি উল্লেখ কৰি জিলা প্ৰশাসন বানাক্ৰান্তক সহায় কৰাৰ নিমিত্তে সকলো সময়তে প্ৰস্তুত আছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে সাংসদগৰাকীয়ে । বিধায়ক ৰামকৃষ্ণ ঘোষ, জিলা বিজেপিৰ সভাপতি অনুপ দেৱকে ধৰি বিজেপিৰ দলীয়-কৰ্মীসকলে সংগ দিয়ে তেওঁক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.