ETV Bharat / snippets

সাৱধান গুৱাহাটীবাসী ! আকৌ আহিব পাৰে কৃত্ৰিম বান

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 8:23 PM IST

Meteorological Centre predicts heavy rains in Guwahati city
গুৱাহাটীত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা প্ৰকাশ (Internet)

গুৱাহাটী, ৩১ আগষ্ট: আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত গুৱাহাটী মহানগৰীত প্ৰৱল বৃষ্টিপাত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । এই সময়ছোৱাত অৰ্থাৎ দেওবাৰে পুৱা ৮.৩০ বজা পৰ্যন্ত ভিন্ন স্থানত ৭-১১ ছেণ্টিমিটাৰ বৰষুণ হ'ব পাৰে । গুৱাহাটী মহানগৰীত প্ৰৱল বৃষ্টিপাতৰ বিষয়ে যৌথভাৱে এই সতৰ্কতা জাৰি কৰিছে ভাৰত চৰকাৰৰ ভূ-বিজ্ঞান মন্ত্ৰালয়, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

উক্ত সতৰ্কতামূলক জাননীখনত উল্লেখ কৰা হয় যে প্ৰৱল বৃষ্টিপাতৰ ফলত বাট-পথত বানৰ সৃষ্টি হোৱাৰ উপৰি দিছপুৰ আৰু সোণাপুৰ ৰাজহ চক্ৰৰ কেতবোৰ এলেকা পানীৰে উপচি পৰাৰ সম্ভাৱনা আছে । বৃষ্টিপাতৰ ফলত স্পৰ্শকাতৰ আন্তঃগাথঁনিৰ ক্ষয়-ক্ষতিৰ হোৱাৰ লগতে যাতায়ত ব্যাহত হোৱাৰ আশংকাও প্ৰকাশ কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.