ETV Bharat / snippets

ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ ৰক্তভঁৰাল : ছাত্ৰ সন্থাৰ ১৮ জনে দিলে ৰক্তদান

author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 10:38 PM IST

Tangla Students Union donated blood
ৰক্তদান শিবিৰ (ETV Bharat)

ওদালগুৰি, 25 জুলাই : টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ ৰক্তভঁৰালৰ সহযোগত বৃহস্পতিবাৰে টংলাৰ আছুৰ কাৰ্যালয়ত ৰক্তদান শিবিৰ অনুষ্ঠিত হয় । ভেৰগাঁও মহকুমাৰ মহকুমা আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মাই এই অনুষ্ঠান উদ্বোধন কৰে ৷ ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ ৰক্তভঁৰালৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ সুজয় কৰ্মকাৰৰ নেতৃত্বত হোৱা এই শিবিৰত টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ মুঠ ১৮ জনে ৰক্তদান কৰে । এই অনুষ্ঠানত ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ ৰক্তভঁৰালৰ ধজেন্দ্ৰ বসুমতাৰী, বিন্নামিন দৈমাৰী, বিনিতা ভেংৰা, প্ৰিয়ংকা ম'হালী, বিউটি ডেকা, বেনেডিক মুছাহাৰীয়ে সহযোগ কৰে । আছুৰ এনে পদক্ষেপক সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.