ETV Bharat / snippets

হালোৱাটিঙত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক জব্দ

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 8:18 AM IST

huge quantity of burmese supari seized on assam nagaland border in Haluating
হালোৱাটিঙত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক জব্দ (ETV Bharat Assam)

আমগুৰি, 28 জুন: ৰাজ্যত অব্যাহত বাৰ্মিজ চুপাৰিৰ চোৰাং বেহা । শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত বৃহস্পতিবাৰে আৰক্ষীয়ে জব্দ কৰে এখন বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক । হালোৱাটিং আৰক্ষীয়ে চলোৱা অভিযানত জব্দ হোৱা ট্ৰাকখনৰ নম্বৰ WB 63 B 6017 । নাগালেণ্ড টুলীৰ পৰা বহিঃৰাজ্যলৈ বাৰ্মিজ চুপাৰিখিনি কঢ়িয়াই লৈ গৈ থাকোতেই আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ।

জব্দকৃত বাৰ্মিজ চুপাৰিখিনিৰ মূল্য প্ৰায় 40 লাখ টকা ৷ আৰক্ষীয়ে আটক কৰিছে ট্ৰাকখনৰ চালক চাদ্দাম হুছেইন আৰু হাজিজুৰ আলিক । চুপাৰিখিনি জনৈক হাতীবৰুৱা নামৰ চিণ্ডিকেট চক্ৰটোৱে ৰাজহ ফাঁকি দি সৰবৰাহৰ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.