ETV Bharat / snippets

২০ হাজাৰ টকাত বাংলাদেশীক ভাৰত সীমান্ত পাৰ কৰাই দালালে

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 6:08 PM IST

Illegal bangladeshis
২০ হাজাৰ টকাত বাংলাদেশীক ভাৰত সীমান্ত পাৰ কৰাই দালালে (ETV Bharat Assam)

গুৱাহাটী, ১৬ জুলাই : গুৱাহাটী মহানগৰীত মঙলবাৰে ৰে'লৱে আৰক্ষীয়ে আটক কৰে চাৰি বাংলাদেশী যুৱক-যুৱতীক । পল্টনবজাৰ ৰে’লৱে ষ্টেচনৰ পৰা জি আৰ পি আৰু আৰ পি এফে এই বাংলাদেশী যুৱক-যুৱতী কেইগৰাকীক আটক কৰে । ধৃত বাংলাদেশী যুৱক-যুৱতী কেইগৰাকী হৈছে ইছমাইল চৰ্দাৰ (১৯), আব্দুল্লা, মুছাম্মাদ মইনা (১৮) আৰু ফাৰজানা (১৮)। বাংলাদেশৰ পৰা ত্ৰিপুৰা হৈ ৰে'লেৰে বাংগালুৰুলৈ গৈ থাকোতেই তেওঁলোক ৰে'লৱে আৰক্ষীৰ জালত পৰে ।

ধৃত যুৱক-যুৱতী কেইগৰাকীক চাকৰিৰ প্ৰলোভনেৰে দালালে বাংলাদেশ-ভাৰত সীমান্ত পাৰ কৰাই বাংগালুৰুলৈ নিয়াৰ চেষ্টা কৰিছিল । ২০ হাজাৰ টকাৰ বিনিময়ত চাকৰিৰ প্ৰলোভনেৰে সীমান্ত পাৰ কৰাই দালালে ভাৰতলৈ আনিছিল চাৰিওগৰাকীকে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.