ETV Bharat / snippets

মহানগৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 10:20 PM IST

MYSTERIOUS MURDER CASE
ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ (ETV Bharat Assam)

গুৱাহাটী, ৯ জুলাই : মহানগৰীত ৰহস্যজনক অৱস্থাত পোৱা গৈছে দুলীয়াজানৰ যুৱতী বনস্মিতা বুঢ়াগোঁহাইৰ মৃতদেহ ৷ মহানগৰীৰ ভাৰাঘৰত মৃতদেহ পোৱা যুৱতীগৰাকীয়ে গুৱাহাটীত ৰাজু ৰিয়াজ নামৰ এটা প্ৰশিক্ষণ কেন্দ্ৰত সৌন্দৰ্যচৰ্চাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল ৷ মহানগৰীৰ ডাউন টাউনৰ ভাৰাঘৰৰ ভিতৰত পৰি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰে ৷ বিষয় সন্দৰ্ভত পিতৃৰ দিছপুৰ থানাত এজাহাৰ দাখিল ৷

পৰিয়ালৰ অভিযোগ- ৰাহুল আলী নামৰ এজন যুৱকে দীৰ্ঘদিন ধৰি প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল যুৱতীগৰাকীক ৷ কিন্তু প্ৰেম প্ৰত্যাখ্যান কৰিছিল যুৱতীগৰাকীয়ে ৷ আৰক্ষীয়ে প্ৰাথমিক তদন্তত এয়া আত্মহত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.