ETV Bharat / snippets

ধুবুৰীত গৰুভৰ্তি বিলাসী বাহন জব্দ

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 6:53 AM IST

Cattle smuggling
ধুবুৰীত গৰুভৰ্তি বিলাসী বাহন জব্দ (ETV Bharat)

ধুবুৰী, ২৫ জুন: ধুবুৰীত গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । সোমবাৰে নিশা আৰক্ষীয়ে গৰুভৰ্তি এখন বাহন জব্দ কৰে । গৌৰীপুৰৰ বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমা চেত্ৰীৰ নেতৃত্বত চলোৱা হৈছিল এই অভিযান । অভিযানত আৰক্ষীয়ে ৫ টাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় । পশ্চিমবংগৰ পৰা ধুবুৰী অভিমুখে অহা AS 01 B 6895 নম্বৰৰ বিলাসী বাহনখনত চোৰাংকৈ নিয়া হৈছিল পশুধনসমূহ ।

কিন্তু বালাজান আৰক্ষীৰ সন্দেহ হোৱাত ধেৱধেবীত বাহনখন জব্দ কৰে । বাহনখনত দুজন লোক আছিল যদিও তেওঁলোকে কৰে পলায়ন ৷ আৰক্ষীয়ে বাহনখনৰ গৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে । লগতে ঘটনাটো সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.