ETV Bharat / snippets

বালাজানস্থিত FCI কাৰ্যালয়ত স্থানীয় শ্ৰমিকৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 6:01 PM IST

Dhubri FCI  labour protest against Contractor Sujeet Das
শ্ৰমিকৰ প্ৰতিবাদ (ETV Bharat)

ধুবুৰী, 20 জুন : ধুবুৰী জিলাৰ বালাজান FCI কাৰ্যালয়ত শ্ৰমিকৰ প্ৰতিবাদ । কিয়নো দীৰ্ঘদিন কাম কৰি থকা শ্ৰমিকক আঁতৰাই সেই স্থানত বাহিৰৰ শ্ৰমিকক কামত নিয়োগ কৰা হৈছে ৷ এই অভিযোগ খাদ্য সুৰক্ষা অধীনত থকা বালাজান FCI ত দীৰ্ঘদিনৰ পৰা কৰ্মৰত স্থানীয় শ্ৰমিকৰ ৷

প্ৰতিবাদকাৰীসকলে উল্লেখ কৰা অনুসৰি, বিগত 12 বছৰ ধৰি উক্ত স্থানত কাম কৰি আছে স্থানীয় শ্ৰমিকসকলে ৷ কিন্তু নিজৰ স্বাৰ্থৰ বাবেই ঠিকাদাৰ সুজিত দাসে অনিয়ম সংঘটিত কৰিছে ৷

লগতে প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল’গান দি উত্তাল কৰি তোলে বালাজানস্থিত FCI কাৰ্যালয়ৰ সন্মুখভাগ ৷ ইতিমধ্যে জিলা প্ৰশাসনক লিখিতভাৱে এই অভিযোগ দাখিল কৰাৰ পাচতো কোনো সঁহাৰি নোপোৱা বুলি কয় শ্ৰমিকসকলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.