ETV Bharat / snippets

কাল অমানিশা : দুৰ্ঘটনাত নিহত ডিমা হাছাওৰ এটা দম্পতি

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 12:27 PM IST

Etv Bharat
Etv Bharat (Etv Bharat)

হাফলং, 2 জুলাই : সোমবাৰে বিয়লি ডিমা হাছাও জিলাৰ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত হানগৰুম আৰু পি সংখ্যাই গাঁৱত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় হাইদিওডোংবে নৃয়ামে (36) আৰু দিকিনাইলি পামে (30) ৷ আৰক্ষীয়ে উল্লেখ কৰা মতে, নিহত দুজন সম্পৰ্কত স্বামী-স্ত্ৰী ৷

সোমবাৰ বিয়লি তেওঁলোকে খেতি কৰা স্থানৰ পৰা এখন বলেৰ’ বাহনত ঘৰৰ অভিমুখে আহি থকাৰ সময়তে পাহাৰৰ পৰা বাগৰি পৰে ৷ ফলত মৃত্যু হয় দুয়োৰে ৷ নিশা দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.