ETV Bharat / snippets

লখিমপুৰত জিলা আয়ুক্তসকলৰ সন্মিলনত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্রীয়ে

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 3:31 PM IST

DC conference in Lakhimpur
লখিমপুৰত জিলা আয়ুক্তসকলৰ সন্মিলন (ETV BHARAT ASSAM)

লখিমপুৰ, ৩০ জুন: দুই জুলাইৰ পৰা লখিমপুৰত প্ৰথমবাৰৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব জিলা আয়ুক্ত সন্মিলন । এই সন্মিলনত মুখ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব । মুখ্যমন্ত্রীগৰাকীয়ে লখিমপুৰত চাৰিদিন বাহৰ পাতিব । সন্মিলনৰ এদিন পূৰ্বেই অৰ্থাৎ পহিলা জুলাইত মুখ্যমন্ত্রীগৰাকী জিলাখনত উপস্থিত হৈ পদুমণি আই থান, ঘাগৰত নিৰ্মীয়মান সোৱণশিৰি নদীৰ দলং, মাধৱদেৱ কলাক্ষেত্র, মাধৱদেৱৰ জন্মস্থান আৰু অনিৰুদ্ধ দেৱৰ থান পৰিদৰ্শন কৰিব ।

দ্বিতীয় দিনা আয়ুক্ত সন্মিলনত অংশগ্রহণ কৰাৰ লগতে চাবতি ষ্টেডিয়াম, নকাৰী উৰণ সেঁতুৰ কামৰ বুজ ল’ব মুখ্যমন্ত্রীয়ে । তৃতীয় দিনাও মুখ্যমন্ত্রীগৰাকীয়ে আয়ুক্ত সন্মিলনত অংশগ্রহণ কৰাৰ উপৰি লখিমপুৰ মেডিকেল কলেজ পৰিদৰ্শন কৰিব । চাৰি জুলাইত তেওঁ বগীনদীৰ এক কাৰ্যসূচীত অংশগ্রহণ কৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.