নেশ্যনেল ডেস্ক,২০ জুন: তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাচত জম্মু-কাশ্মীৰত উপস্থিত হয় নৰেন্দ্ৰ মোদী । শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে জম্মু-কাশ্মীৰত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে যুৱ সশক্তিকৰণ আৰু জম্মু-কাশ্মীৰৰ পৰিৱৰ্তন কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
ইয়াৰোপৰি প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীনগৰত ১,৫০০ কোটি টকাৰ ৮৪ টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- "জম্মু-কাশ্মীৰৰ এই পৰিৱৰ্তন যোৱা ১০ বছৰত আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ ফল । 'সবকা সাথ, সবকা বিকাশ'ৰ মন্ত্ৰ অনুসৰণ কৰি আমাৰ চৰকাৰে সকলোকে অধিকাৰ আৰু সুযোগ প্ৰদান কৰিছে।" লগতে শ্ৰীনগৰত প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰী সেৱাৰ বাবে নিৰ্বাচিত লোকসকলক নিযুক্তি পত্ৰ প্ৰদান কৰে ।