নিউজ ডেস্ক, 25 ছেপ্টেম্বৰ: Vivo ই তেওঁলোকৰ ‘V’ পৰিয়ালত নতুন সদস্য সংযোজন কৰিছে । 25 ছেপ্টেম্বৰৰ দিনা ভাৰতীয় বজাৰত মুকলি কৰা হ’ল Vivo V40e স্মাৰ্টফোন । ইয়াৰ মূল্য আৰু বৈশিষ্ট্যসমূহ শেহতীয়াকৈ কোম্পানীটোৱে প্ৰকাশ কৰিছে । 27 ছেপ্টেম্বৰৰ দিনা ফ্লিপকাৰ্ট বিগ বিলিয়ন ডে’ৰ সময়ত অতিৰিক্ত অফাৰৰ সৈতে এই ফোনটো ক্ৰয় কৰিব পাৰিব ।
Vivo ই প্ৰকাশ কৰা আনুষ্ঠানিক তথ্য অনুসৰি আজি (25 ছেপ্টেম্বৰ) দুপৰীয়া 12 বজাত মুকলি কৰা হয় Vivo V40e । ইয়াক ফ্লিপকাৰ্ট শ্বপিং চাইট আৰু ভিভ’ ইণ্ডিয়া ৱেবছাইটৰ পৰা বুকিং কৰি ক্ৰয় কৰিব পাৰিব । Vivo V40e ৰয়েল ব্ৰঞ্জ আৰু মিন্ট গ্ৰীণ ৰঙত উপলব্ধ ।
Vivo V40e ত থাকিবলগীয়া বৈশিষ্ট্যসমূহ
Vivo ই নিজৰ ৱেবছাইটত কিছু তথ্য শ্বেয়াৰ কৰিছে । সেই অনুসৰি চাওঁ আহক Vivo V40e মোবাইলৰ বৈশিষ্ট্য কি-
ডিছপ্লে: ভিভ’ V40e ফোনত 120Hz ৰিফ্ৰেছ ৰেট, HDR10, P3 ৰঙৰ গেমৰ সৈতে 6.77 ইঞ্চি বক্ৰ 3D Full-HD+ (2392x1080) AMOLED ডিছপ্লে আছে ।
কেমেৰা: পিছফালৰ কেমেৰাৰ কথা ক’বলৈ গ’লে Vivo V40e ফোনত ডুৱেল কেমেৰা ছেটআপ আছে । এটা হৈছে 50 মেগাপিক্সেলৰ চ’নী IMX882 প্ৰাইমেৰী চেন্সৰ আৰু আনটো হৈছে 8 মেগাপিক্সেলৰ আল্ট্ৰাৱাইড লেন্স । ইয়াত ফ্লেছৰ বাবে Aura লাইট আছে । চেলফি আৰু ভিডিঅ’ কলৰ বাবে 50 মেগাপিক্সেলৰ বৃহৎ আই অটো ফ’কাচ চেন্সৰ প্ৰদান কৰা হৈছে ।
AI বৈশিষ্ট্য: এই ফোনটোত AI Photo Enhancer, AI Eraser ৰ দৰে বৈশিষ্ট্যও ইনষ্টল কৰা হৈছে ।
বেটাৰী: এই স্মাৰ্টফোনটোৰ বেটাৰী 5500 mAh । ই 80W ফাষ্ট চাৰ্জিং সমৰ্থনযুক্ত ।
ওজন: Vivo V40e 0.74 ছে.মি. আৰু ওজন 183 গ্ৰাম ।
নতুনকৈ ভাৰতত মুকলি কৰা Vivo V40e ৰ মূল্য 28,999 টকা 8GB + 128GB ফোনটোৰ বাবে ৷ আনহাতে 8GB + 256GB ভেৰিয়েন্টটো 30,999 টকাত উপলব্ধ ৷ মন কৰিবলগীয়া যে নথিং ফোন (2A) প্লাছ, মটৰ’লা এজ 50, ৱানপ্লাছ নৰ্ড 4 আদি স্মাৰ্টফোনো বজাৰত উপলব্ধ একে মূল্যত ।