ETV Bharat / technology

বানৰ বাবে যাতায়তত অসুবিধাৰ সন্মুখীন হৈছে নেকি : বাচি লওঁক ইয়াৰ ভিতৰত যিকোনো এখন গাড়ী - Top SUVs in India - TOP SUVS IN INDIA

Top SUVs: দেশৰ বহু স্থানত সৃষ্টি হৈছে বান সদৃশ পৰিস্থিতিৰ, যাৰ বাবে যাতায়তৰ ক্ষেত্ৰত মানুহ বহু সমস্যাৰ সন্মুখীন হৈছে । পানী জমা হোৱাৰ ফলত উটি গৈছে হাজাৰ হাজাৰ বাহন । আপুনিও যদি এনে অঞ্চলত থাকে আৰু পানীৰে ভৰা ৰাস্তা পাৰ কৰিবলগীয়া হয় তেন্তে ইয়াত আমি আপোনাক এনে পাঁচখন গাড়ীৰ বিষয়ে উল্লেখ কৰিম, যিবোৰ পানীত ডুব যোৱাৰ ক্ষমতা আৰু অফ-ৰোডিঙৰ বাবে অতিশয় উন্নত বুলি স্বীকৃত ।

SUV
SUV কেইখন (Land Rover, Toyota, Jeep, Force)
author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 5:18 PM IST

নিউজ ডেস্ক, 2 ছেপ্টেম্বৰ: চলিতই হওঁক বা আন বছৰবোৰতেই হওঁক বাৰিষা কালত দেশৰ বহু ৰাজ্যত বানে বিধ্বংসী ৰূপ ধাৰণ কৰে । এই বানত বহু লোকৰ ঘৰ-দুৱাৰ, যান-বাহন পৰ্যন্ত ডুব গৈছে পানীৰ তলত । যদি আপুনিও বানপীড়িত অঞ্চলত বাস কৰে আৰু বাৰিষা কালত পানীৰে ভৰা পথবোৰ শংকাৰে পাৰ কৰিবলগীয়া হয় তেন্তে ভাৰতত এনে কিছুমান SUV বিক্ৰী হৈছে, যিবোৰৰ পানীত ডুব যোৱাৰ ক্ষমতা অতি উন্নত । ইয়াত আমি আপোনালোকক এনে পাঁচখন SUV ৰ বিষয়ে ক’ম, যিয়ে আপোনাক এই কঠিন সময়ত যাতায়তৰ ক্ষেত্ৰত সহায়ক হ’ব ।

Land Rover Defender

এই তালিকাৰ শীৰ্ষত আছে Land Rover Defender ৷ ভাৰতত বিক্ৰী হোৱা সকলো গাড়ীৰ ভিতৰত সৰ্বাধিক পানীত ডুব যোৱাৰ ক্ষমতাসম্পন্ন এই গাড়ীখন । ডিফেণ্ডাৰখন 900 মিলিমিটাৰতকৈও অধিক পানীত ডুব যোৱাৰ ক্ষমতা আছে, যাৰ ফলত এই গাড়ীখনে সহজেই গভীৰতালৈ যাব পাৰে । ইয়াৰ লগতে ইয়াত আছে 4x4 চিষ্টেম, যিয়ে ইয়াক আটাইতকৈ বিপজ্জনক অফ-ৰোডিং কৰিবলৈ সক্ষমতা প্ৰদান কৰে ।

Jeep Wrangler

বিশাল জীপ ৰেংলাৰখন দেখিবলৈ আকৰ্ষণীয় । ইয়াৰ লগতে কোম্পানীয়ে ইয়াত 760 মিলিমিটাৰ পৰ্যন্ত পানীৰ গভীৰতাত যাব পৰা এক আকৰ্ষণীয় ক্ষমতা প্ৰদান কৰিছে । এই ক্ষমতাৰ সৈতে এই SUV খনে তালিকাত দ্বিতীয় স্থানত আছে । ৰেংলাৰত আছে 2.0 লিটাৰৰ টাৰ্বো পেট্ৰ’ল ইঞ্জিন আৰু অফ-ৰোড বৈশিষ্ট্য । ৰেংলাৰখন অফ-ৰোডিঙৰ বাবে ডিজাইন কৰা হৈছে, যাতে পানী ভৰ্তি ঠাইৰ মাজেৰে সহজেই পাৰ হ’ব পাৰে ।

Toyota Fortuner

ভাৰতত বিক্ৰী হোৱা পানীৰ মাজেৰে যাব পৰা এখন SUV হৈছে ফৰ্চুনাৰ, যিখন বিলাসীতা আৰু প্ৰদৰ্শনৰ বাবে অতিশয় জনপ্ৰিয় । ইয়াৰ লগতে ই এখন অতি সক্ষম SUV । ফৰ্চুনাৰৰ পানীত ডুব যোৱাৰ ক্ষমতাৰ কথা ক’বলৈ গ’লে ইয়াৰ ক্ষমতা 700 মিলিমিটাৰ, যিটো Force Gurkha ৰ সমান । ইয়াত ডিজেল আৰু পেট্ৰ’ল ইঞ্জিনৰ বিকল্প ফৰ্চুনাৰ 4x2 আৰু 4x4 সংস্কৰণত উপলব্ধ । ফৰ্চুনাৰৰ শক্তিশালী ডিজাইন আৰু অফ-ৰোডৰ লগতে বানক্ৰান্ত অঞ্চল পাৰ হোৱাৰ বাবেও উপযোগী ।

Force Gurkha

ৰগড লুক আৰু শক্তিশালী প্ৰদৰ্শনৰ বাবে পৰিচিত Force Gurkhaক অফ-ৰোডিং আৰু পানীৰ মাজেৰে যাব পৰা বৈশিষ্ট্যৰ বাবে অন্যতম বুলি গণ্য কৰা হয় । মহিন্দ্ৰা থাৰতকৈ ইয়াৰ পানীত ডুব যোৱাৰ ক্ষমতা 50 মিলিমিটাৰ বেছি, যিটো 700 মিলিমিটাৰ । কেৱল এয়াই নহয়, এনে ক্ষমতাসম্পন্ন গাড়ীবোৰৰ ভিতৰত এইখনৰে দাম অতি কম ।

Mahindra Thar

পঞ্চম স্থানত আছে এখন থলুৱা এছ ইউ ভি ৷ ইয়াৰ কাৰণ হ’ল এই তালিকাৰ আন গাড়ীৰ তুলনাত Mahindra Thar ৰ পানীত ডুব যোৱাৰ ক্ষমতা আটাইতকৈ কম । কোম্পানীয়ে ইয়াক 650 মিলিমিটাৰ পৰ্যন্ত পানীত ডুব যোৱাৰ ক্ষমতা দিছে, যিটো প্ৰশংসনীয় ক্ষমতা । এই ক্ষমতাৰ সৈতে এই SUV খন অন-ৰোডিঙৰ লগতে অফ-ৰোডিঙৰ বাবেও বহুতে পছন্দ কৰে ।

লগতে পঢ়ক: Royal Enfield 350 ক্ৰয় কৰক আৰু লাভ কৰক দক্ষিণ ভাৰত ভ্ৰমণৰ সুবিধা ! - 2024 Royal Enfield Classic 350

বজাৰত শীঘ্ৰেই উপলব্ধ হ’ব আপোনাৰ পছন্দৰ স্মাৰ্টফোনটো : জানক সবিশেষ - New smartphone

অজানিতে পঠিয়াই দিলে নেকি Mail : এই কিটিপ ব্যৱহাৰ কৰি উপকৃত হওঁক - Undo send in Gmail

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.