ETV Bharat / technology

50 MP কেমেৰাৰ সৈতে বজাৰত মুকলি Tecno Camon 30S - TECNO CAMON 30S LAUNCHED

Tecno Camon 30S: স্মাৰ্টফোন নিৰ্মাতা কোম্পানী Tecno ই মুকলি কৰিছে নতুন Tecno Camon 30S স্মাৰ্টফোন । ইয়াৰ বেটাৰী 5000 mAh ।

Etv Bharat
50 MP কেমেৰাৰ সৈতে বজাৰত মুকলি Tecno Camon 30S (Tecno Mobile)
author img

By ETV Bharat Tech Team

Published : Oct 12, 2024, 5:12 PM IST

নিউজ ডেস্ক, 12 অক্টোবৰ: চীনৰ ট্ৰেন্সজনৰ মালিকানাধীন ব্ৰেণ্ড Tecno ই মুকলি কৰিছে নতুন Camon 30S মিডৰেঞ্জ স্মাৰ্টফোন । ইয়াৰ 6.78 ইঞ্চিৰ AMOLED স্ক্ৰীণ আছে, যিটোৰ ৰিফ্ৰেছ ৰেট 120 হাৰ্টজ । এই ফোনটো মিডিয়াটেক হেলিঅ’ G 100 চিপছেটত চলিব, 8 GB পৰ্যন্ত ৰেমৰ সৈতে সংযুক্ত কৰা হৈছে ।

Tecno Camon 30S স্মাৰ্টফোনত আছে 50 মেগাপিক্সেলৰ পিছফালৰ কেমেৰা আৰু 13 মেগাপিক্সেলৰ চেলফি কেমেৰা । Tecno Camon 30S এণ্ড্ৰইড 14 ত চলে, ইয়াত 5000 এমএএইচ বেটাৰী আছে, যিটো 33 ৱাটত চাৰ্জ কৰিব পাৰি আৰু ৱাই-ফাই, এনএফচি আৰু 4G কানেক্টিভিটি সমৰ্থন কৰে ।

Tecno Camon 30S ৰ স্পেচিফিকেশন আৰু বৈশিষ্ট্য

ইয়াত 6.78 ইঞ্চি ফুল-এইচডি + (1080x2436 পিক্সেল) বক্ৰ AMOLED ডিছপ্লে আছে, যাৰ ৰিফ্ৰেছ ৰেট 120 হাৰ্টজ আৰু শীৰ্ষ উজ্জ্বলতা 1300 নিট পৰ্যন্ত । এই স্মাৰ্টফোনটোত মিডিয়াটেক হেলিঅ’ G 100 চিপছেটৰ সৈতে 8 GB পৰ্যন্ত ৰেম আছে । ইয়াৰ উপৰিও ফোনটোত ডুৱেল চিম (Nano) সমৰ্থন উপলব্ধ আৰু ই এণ্ড্ৰইড 14 ত চলিব, তাৰ ওপৰত কোম্পানীটোৰ HiOS 14 OS উপলব্ধ ।

ফটো আৰু ভিডিঅ’ৰ বাবে টেকনো Tecno Camon 30S ত চ’নী IMX896 চেন্সৰ আৰু অপটিকেল ইমেজ ষ্টেবিলাইজেচন (OIS)ৰ সৈতে 50 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰাৰ লগতে 2 মেগাপিক্সেলৰ কেমেৰা ডেপথ চেন্সৰ আছে । ফোনটোত 13 মেগাপিক্সেলৰ চেলফি কেমেৰা এটা হোল পাঞ্চ কেমেৰা কাটআউটত ৰখা হৈছে । ইয়াৰ উপৰিও ডুৱেল এল ই ডি ফ্লেছৰ ব্যৱস্থা কৰা হৈছে ।

Tecno Camon 30S স্মাৰ্টফোনত 256 GB পৰ্যন্ত ইনবিল্ট ষ্ট’ৰেজ আছে আৰু সংযোগৰ বাবে ইয়াত 4G এলটিই, ৱাই-ফাই, ব্লুটুথ, জিপিএছ, এনএফচি আৰু ইউএছবি টাইপ-চি প’ৰ্ট আছে । ইয়াৰ উপৰিও ইয়াত এক্সিলেৰ’মিটাৰ, জাইৰস্কোপ, এম্বিয়েণ্ট লাইট চেন্সৰ আৰু প্ৰক্সিমিটি চেন্সৰ আছে ।

Tecno Camon 30S ৰ বেটাৰী 5,000mAh, যিয়ে 33W ফাষ্ট চাৰ্জিং সমৰ্থন কৰে । ইয়াত বায়’মেট্ৰিক প্ৰমাণীকৰণৰ বাবে ফিংগাৰপ্ৰিণ্ট স্ক্যানাৰ আছে । ধূলি আৰু পানীৰ পৰা সুৰক্ষাৰ বাবে স্মাৰ্টফোনটোৱে IP53 ৰেটিং লাভ কৰে । ইয়াৰ উপৰিও কোম্পানীটোৰ মতে ইয়াৰ মাত্ৰা 164.49(L)x74.55(W)x7.62(D) মিমি ।

Tecno Camon 30S মূল্য আৰু উপলব্ধতা

Tecno Camon 30S বৰ্তমান পাকিস্তানৰ বজাৰত মুকলি কৰিছে কোম্পানীটোৱে । 8 GB ৰেম আৰু 256 GB ষ্ট’ৰেজৰ সৈতে ইয়াৰ টপ-অফ-দ্য-লাইন ভেৰিয়েণ্টৰ মূল্য হৈছে 59,999 পিকেআৰ (প্ৰায় 18,200 টকা)। বৰ্তমান কোম্পানীটোৱে 6 GB + 128 GB আৰু 8GB + 128 GB ৰেম আৰু ষ্ট’ৰেজ কনফিগাৰেচন মডেলৰ মূল্য প্ৰকাশ কৰা নাই ।

তথ্য অনুসৰি এই স্মাৰ্টফোনটো কোম্পানীটোৰ ৱেবছাইটৰ জৰিয়তে পাকিস্তানত চেলেষ্টিয়েল ব্লেক, ডন গোল্ড আৰু নেবুলা ভায়োলেট ৰঙত বিক্ৰী কৰা হৈছে । মন কৰিবলগীয়া যে Tecno Camon 30S ভাৰতত মুকলি হ’ব নে নাই সেই সন্দৰ্ভত কোনো তথ্য কোম্পানীয়ে প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক: চলিত মাহতেই বজাৰলৈ OnePlus 13

অক্টোবৰত বজাৰলৈ আইফোনৰ দৰে বৈশিষ্ট্যযুক্ত OnePlus 13

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.