নেশ্যনেল ডেস্ক, 1 এপ্ৰিল : স্মাৰ্টফোন আমাৰ দৈনন্দিন জীৱনৰ এটা অপৰিহাৰ্য অংগ ৷ আমি আমাৰ স্মাৰ্টফোনটোৰ সুৰক্ষাৰ বাবে সাধাৰণতে প্লাষ্টিক স্ক্ৰীণ অথবা টেম্পাৰ্ড গ্লাছ ব্যৱহাৰ কৰো ৷ কিন্তু সকলো বস্তুৰে ইতিবাচক আৰু নেতিবাচক দিশ থকাৰ দৰে আপোনাৰ ফোনৰ সুৰক্ষাৰ বাবে লগোৱা স্ক্ৰীণ থকা টেম্পাৰ্ড গ্লাছখন ভাল নহ’লে ই ক্ষতি কৰিব পাৰে ৷
আজি আমি আমাৰ এই প্ৰতিবেদনত লৈ আহিছো আপোনাৰ ফোনৰ বাবে প্লাষ্টিক স্ক্ৰীণ শ্ৰেষ্ঠ নে টেম্পাৰ্ড গ্লাছ ? সাধাৰণতে বজাৰত দুই প্ৰকাৰৰ ফোনৰ স্ক্ৰীণ প্ৰটেক্টৰ উপলব্ধ হয় ৷ প্লাষ্টিক স্ক্ৰীণ আৰু টেম্পাৰ্ড গ্লাছ ৷ সেইবাবে বহু সময়তো বহু লোকে কোনটো স্ক্ৰীণ প্ৰটেক্টৰ আপোনাৰ ফোনটোক সুৰক্ষিত কৰি ৰাখিব সেই সন্দৰ্ভত বিভ্ৰান্ত হোৱাও দেখা যায় ৷ জানো আহক কোনখন সুৰক্ষা গাৰ্ড উৎকৃষ্ট ?
দুয়োটা স্ক্ৰীণ প্ৰটেক্টৰৰ বিশেষত্ব :
- টেম্পাৰ্ড গ্লাছ স্ক্ৰীণ প্ৰটেক্টৰসমূহ প্লাষ্টিক স্ক্ৰীণ প্ৰটেক্টৰৰ তুলনাত অধিক দীৰ্ঘম্যাদী ।
- টেম্পাৰ্ড গ্লাছ প্লাষ্টিকতকৈ ডাঠ আৰু শক্তিশালী ।
- টেম্পাৰ্ড গ্লাছ স্ক্ৰীণ প্ৰটেক্টৰ প্লাষ্টিক স্ক্ৰীণ প্ৰটেক্টৰৰ তুলনাত অধিক পৰিষ্কাৰ আৰু অধিক স্বচ্ছ ৷
- টেম্পাৰ্ড গ্লাছ স্ক্ৰীণ প্ৰটেক্টৰ প্লাষ্টিক স্ক্ৰীণ প্ৰটেক্টৰতকৈ ব্যৱহাৰৰ বাবে মসৃন ৷
- প্লাষ্টিক স্ক্ৰীণ প্ৰটেক্টৰৰ মূল্য কম ৷ টেম্পাৰ্ড গ্লাছ স্ক্ৰীণ প্ৰটেক্টৰৰ তুলনাত ব্যয়বহুল।
ইয়াৰ বাহিৰেও, পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত গ্লাছ টেম্পাৰ্ড অধিক সুবিধাজনক ৷ ইফালে প্লাষ্টিক স্ক্ৰীণ প্ৰটেক্টৰসমূহ অজৈৱ-পচনশীল সামগ্ৰীৰ পৰা তৈয়াৰ কৰা হয় । এনে পৰিস্থিতিত, যদি আপুনি সৰ্বশ্ৰেষ্ঠ স্ক্ৰীণ প্ৰটেক্টৰ বিচাৰি আছে, তেন্তে আপুনি উক্ত সুবিধা-অসুবিধাসমূহ পৰ্যবেক্ষণ কৰি টেম্পাৰ্ড গ্লাছ ক্ৰয় কৰিব পাৰে ৷ এই টেম্পাৰ্ড গ্লাছে আপোনাৰ স্মাৰ্টফোনটো অধিক দেখনীয়াৰ কৰি তুলিব পাৰে ৷