হায়দৰাবাদ: নেশ্যনেল ইনষ্টিটিউট অৱ অ’চেন টেকন’লজি (এন আই অ’ টি)-এ থলুৱা মানৱচালিত ছাবমেৰিন 'MATSYA 6000' ৰ বিকাশৰ ক্ষেত্ৰত এক বৃহৎ মাইলৰ খুঁটি অৰ্জন কৰিছে । গভীৰ সাগৰত মানৱ সহায় আৰু সুৰক্ষা ব্যৱস্থা (HS3)ৰ বাবে পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰে ।
HS3 ব্যৱস্থাটো সাধাৰণতে 12 ঘণ্টা পৰ্যন্ত আৰু জৰুৰীকালীন অৱস্থাত 96 ঘণ্টালৈকে সাগৰত তিনিজন লোকক সহায় কৰিব পৰাকৈ ডিজাইন কৰা হৈছে । ইয়াত নিয়ন্ত্ৰিত অক্সিজেন ইনজেকচন ব্যৱস্থা, কাৰ্বন ডাই অক্সাইড আঁতৰোৱা ব্যৱস্থা, চেন্সৰ, নিয়ন্ত্ৰণ হাৰ্ডৱেৰ, অগ্নি নিৰীক্ষণ, অগ্নিনিৰ্বাপক যন্ত্ৰ আৰু অন্যান্য বৈশিষ্ট্য আছে ৷
As a critical milestone in the indigenous efforts of the human submersible MATSYA 6000 realisation, the Factory Acceptance Test of the Human Support and Safety System (HS3) inside Crew module sphere of 2.1 m internal diameter was successfully completed.#MATYSA6000… pic.twitter.com/9O3loB6SK1
— MoES NIOT (@MoesNiot) October 26, 2024
চেন্নাইস্থিত স্বায়ত্তশাসিত সংস্থা নেশ্যনেল ইনষ্টিটিউট অৱ অ’চেন টেকন’লজিয়ে X ত এটা পোষ্টত এই কথা ঘোষণা কৰিছে । অ’ইএম ইউনিক গ্ৰুপৰ সহায়ত সমগ্ৰ ব্যৱস্থাটো কাষ্টম ডিজাইন কৰি প্ৰমাণীকৰণ সংস্থাৰ উপস্থিতিত কমিচন কৰা হৈছে বুলি এক্সযোগে জনায় ।
ভাৰতৰ প্ৰথম চাবমেৰিন অভিযান 'MATSYA 6000'

গভীৰ সাগৰত লুকাই থকা গোপনীয়তা জানিবলৈ ভাৰতে দেশৰ প্ৰথমটো মানৱ যুক্ত ডুব যোৱা অভিযান ‘MATSYA 6000’ আৰম্ভ কৰিবলৈ ওলাইছে । ইয়াৰ সহায়ত গৱেষণা কৰি সাগৰৰ সৈতে জড়িত নজনা কথাবোৰ জানিব পৰা যায় । সাগৰীয় অভিযান ভাৰতৰ অন্যতম অভিলাষী সামুদ্ৰিক অভিযান ।
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত এন আই অ’ টিয়ে ভাৰতৰ সমুদ্ৰায়ণ প্ৰকল্পৰ অধীনত বিকশিত কৰা ‘MATSYA 6000’ জাহাজখন চেন্নাইৰ পালিকৰণাইৰ এন আই অ’ টি কেম্পাছত প্ৰদৰ্শন কৰিছিল । এই বাহনৰ উদ্দেশ্য হৈছে গভীৰ সাগৰত বিশেষকৈ বিৰল খনিজ পদাৰ্থৰ বাবে অন্বেষণ কৰা । প্ৰায় 6.6 মিটাৰ দীঘল, 210 টন ওজন আৰু 6 হাজাৰ মিটাৰ গভীৰতালৈকে নিৰ্মাণ কৰা এই চাবমেৰিনখন । ইয়াৰ লক্ষ্য হৈছে গৱেষকসকলে জৈৱ বৈচিত্ৰ্যৰ সৈতে গভীৰ সাগৰৰ পৰিৱেশ অধ্যয়ন কৰিবলৈ সুবিধা প্ৰদান কৰা ।
'MATSYA 6000' মেৰিন বাহনৰ বৈশিষ্ট্যসমূহ:
HS3 shall support three human beings for the normal submersible endurance of 12 hours and during an emergency for 96 hours with a controlled oxygen injection system, carbon-di-oxide removal mechanism, sensors, control hardware, fire surveillance, extinguisher, etc. The complete… pic.twitter.com/vytwWeW5I5
— MoES NIOT (@MoesNiot) October 26, 2024
- এই থলুৱা চাবমেৰিনখন ভাৰতৰ সময়যান অভিযানৰ অধীনত গভীৰ সাগৰলৈ প্ৰেৰণ কৰা হ’ব । গভীৰ সাগৰত 6 কিলোমিটাৰ গভীৰতালৈ যাব পাৰে ।
- এই চাবমেৰিন নিৰ্মাণত টাইটানিয়াম মিশ্ৰণ ব্যৱহাৰ কৰা হৈছে । 6000 মিটাৰ গভীৰতাত ই সমুদ্ৰপৃষ্ঠতকৈ 600 গুণ বেছি চাপ সহ্য কৰিব পাৰে ।
- ইয়াৰ ব্যাস 2.1 মিটাৰ । ইয়াত তিনিজন মানুহৰ বাবে বহিব পৰা ব্যৱস্থা আছে । ইয়াক 12 ঘণ্টাৰ বাবে গভীৰ সাগৰলৈ প্ৰেৰণ কৰিব পৰা যাব ।
- জৰুৰীকালীন অৱস্থাত 96 ঘণ্টা পৰ্যন্ত ই কাৰ্যক্ষম হ’ব । যিয়ে অভিযানকাৰীসকলক সহায় কৰিব ।
- আমেৰিকা, ৰাছিয়া, জাপান, ফ্ৰান্স আৰু চীনৰ পিছতে মানৱ যুক্ত চাবমেৰিন নিৰ্মাণ কৰা ভাৰত ষষ্ঠখন দেশ । 2026 চনৰ ভিতৰত গভীৰ সাগৰলৈ যোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।