ETV Bharat / technology

ভাৰতীয় এপৰ বিৰুদ্ধে গুগলৰ চাৰ্জিকেল ষ্ট্ৰাইক - Bharat Matrimony

Google billing policy: ১০ টাকৈ ভাৰতীয় এপৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে গুগলে । মাচুল নীতি অনুসৰণ নকৰা বাবে প্লে ষ্ট'ৰৰ পৰা গুগলে আঁতৰাইছে কেইবাটাও জনপ্ৰিয় এপ । Shaadi.com, Matrimony.com আদিও অন্তৰ্ভুক্ত আছে এই তালিকাত ।

Google billing policy
ভাৰতীয় এপৰ বিৰুদ্ধে গুগলৰ চাৰ্জিকেল ষ্ট্ৰাইক
author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 2:24 PM IST

নিউজ ডেস্ক,২ মাৰ্চ : গুগলে মাচুল বিবাদ সম্পৰ্কত প্লে ষ্ট'ৰৰ পৰা ১০ টাকৈ চৰ্চিত ভাৰতীয় এপ আঁতৰাইছে । গুগলে এক বিবৃতিত উল্লেখ কৰা মতে এই এপবোৰৰ প্ৰস্তুতকৰ্তাই মাচুল নীতি অনুসৰণ কৰা নাছিল । বহুবাৰ তেওঁলোকক সতৰ্ক কৰি দিয়া হৈছিল আৰু অৱশেষত এই পদক্ষেপ লোৱা হয় ।

এই এপবোৰৰ ভিতৰত কেইবাটাও এপ অতি চৰ্চিত আৰু বহুলভাৱে ব্যৱহৃত । গুগলে প্লে ষ্ট'ৰৰ পৰা আঁতৰোৱা এপবোৰৰ ভিতৰত আছে শ্বাদী ডট কম (Shaadi.com), মেট্ৰিমনী ডট কম (Matrimony.com) ভাৰত মেট্ৰিমনী (Bharat Matrimony), নৌক্ৰি ডট কম (Naukri.com), ৯৯ একৰছ (99acres), কুকু এফএম (Kuku FM), ষ্টেজ (Stage), অল্ট বালাজিছ (Altt), কোৱাককুৱাক (QuackQuack) । এটা এপৰ নাম এতিয়াও প্ৰকাশ কৰা হোৱা নাই ।

গুগলে কোৱা মতে দুই লাখতকৈও অধিক ভাৰতীয় এপ প্ৰস্তুতকৰ্তাই গুগল প্লে ষ্ট'ৰ ব্যৱহাৰ কৰি আছে আৰু তেওঁলোকৰ এপবোৰ প্লে ষ্ট'ৰত প্ৰকাশিত হৈছে । সকলো প্ৰস্তুতকৰ্তাৰ বাবে একেই নীতি আছে কিন্তু কিছুমানে ইয়াক গ্ৰহণ কৰিবলৈ সাজু নহয় । গুগলে কয় যে প্লে ষ্ট'ৰৰ পৰা আঁতৰোৱা এপবোৰে আন এপ-ষ্ট'ৰৰ নীতি অনুসৰণ কৰি আছে কিন্তু গুগলৰ নীতিত তেওঁলোকৰ সমস্যা থাকে ।

গুগলৰ মতে এই এপবোৰক ৩ বছৰৰ সময় দিয়া হৈছিল । অৰ্থাৎ মাচুল বিতৰ্ক দীৰ্ঘদিন ধৰি চলি আছে । এই বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা দেখা গৈছে । কিন্তু ২০২৪ চনৰ ৯ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে এই বিষয়ত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে । গুগলে কয় যে ৩ বছৰত কোনো আদালতে ইয়াৰ মাচুল নীতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা নাই । তাৰ পিচতো কিছুমান প্ৰস্তুতকৰ্তাই নীতি গ্ৰহণ কৰিবলৈ প্ৰস্তুত নহয় ।

লগতে পঢ়ক :ৱাল্ট ডিজনী আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ একত্ৰীকৰণ চুক্তি সম্পন্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.