ETV Bharat / technology

এতিয়াৰ পৰা গুগল প্লে ষ্ট’ৰত একেলগে ডাউনলোড কৰক দুটা এপ - Google Play Store Download Apps

Google Play Store Download Apps : এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলৰ বাবে সুখবৰ ৷ Google Play Store ত সংযোজিত হ’ল নতুন ফীছাৰৰ ৷ এতিয়াৰ পৰা প্লে ষ্ট’ৰত একেলগে ডাউনলোড কৰিব পাৰিব দুটাকৈ এপ ৷ কেনেকৈ জানক...

Google Play Store Download Apps
এতিয়াৰ পৰা গুগল প্লে ষ্ট’ৰত একেলগে ডাউনলোড কৰক দুটা এপ
author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 10:27 PM IST

Google Play Store ত নতুন সংযোজন ৷ গুগল প্লে ষ্ট’ৰে ব্যৱহাৰকাৰীসকলৰ সুবিধাৰ বাবে দ্ৰুতগতিত কাম কৰি আছে । এইবাৰ এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলৰ বাবে ভাল খবৰ লৈ আহিছে গুগল প্লে ষ্ট’ৰে ৷

এতিয়াৰ পৰা ব্যৱহাৰকাৰীসকলে প্লে ষ্ট’ৰৰ পৰা একেলগে একেটা সময়তে দুটা এপ ডাউনলোড কৰিবলৈ সক্ষম হ'ব । গুগল প্লে ষ্ট’ৰে এই নতুন সুবিধা মুকলি কৰিছে ৷ এতিয়াৰ পৰা ব্যৱহাৰকাৰীসকলে কোনো অসুবিধা নোহোৱাকৈ একেলগে দুটা এপ ডাউনলোড কৰিবলৈ সক্ষম হ'ব । গুগলৰ এই নৱসংযোজনৰ খবৰ পোহৰলৈ অহাৰ লগে লগে ব্যৱহাৰকাৰীসকল উৎসাহিত হৈ পৰিছে ৷

এই সুবিধাৰ ফলত ব্যৱহাৰকাৰীসকলে প্লে ষ্ট’ৰৰ পৰা একেসময়তে দুটা এপ ডাউনলোড কৰিবলৈ হ’লে হোৱা অসুবিধাৰ পৰা পৰিত্ৰাণ পাব ৷ প্ৰথমতে এটা এপৰ ডাউনলোড আৰু ইনষ্টল প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পূৰ্বেই ব্যৱহাৰকাৰীসকলে গুগল ডক্স, শ্বীট আৰু শ্লাইড ইনষ্টল কৰিবলৈ সক্ষম হ'ব । গুগলৰ এই নতুন সুবিধাটো প্লে ষ্ট’ৰৰ বাবে এটা উন্নত আপডেট ৷ ই নিশ্চিতভাৱে এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলক বহু অসুবিধাৰ পৰা সকাহ দিব বুলি আশা কৰা হৈছে । এই সুবিধাত ছেটআপ প্ৰক্ৰিয়াৰ লগতে এপ ইনষ্টল কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াও দ্ৰুত হ'ব ।

ই হৈছে বিজিএমআই বা জেনশিন ইমপেক্টৰ দৰে ট্ৰিপল-এ টাইটেল ইমেজিংৰ এটা অংশ । প্ৰকৃততে, পূৰ্বতে ব্যৱহাৰকাৰীসকলে এটা এপ ডাউনলোড কৰিয়েই দ্বিতীয়টো এপ ইনষ্টল কৰিবলৈ ৰ’ব লগা হৈছিল ৷ ই এগৰাকী লোকৰ বহুত সময় অপব্যয় কৰিছিল ৷

ফলত এই সমস্যাৰ সুবিধাৰ বাবে গুগল প্লে ষ্ট’ৰে এই নতুন ফীছাৰৰ সংযোজন কৰিছে ৷ ইয়াৰ সমান্তৰালকে ব্যৱহাৰকাৰীসকলে এতিয়া গেম এটা ডাউনলোড কৰাৰ সময়তো আন এটা এপ ডাউনলোড কৰিবলৈ সক্ষম হ'ব । একে সময়তে, এতিয়াৰ পৰা এপৰ আপডেটসমূহো এটা এটাকৈ সোনকালে হ’ব ৷

লগতে পঢ়ক: ইণ্টাৰনেট অবিহনে হোৱাটছএপত প্ৰেৰণ কৰক ফাইল আৰু ডকুমেণ্ট - WhatsApp Feature

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.