ETV Bharat / technology

হঠাৎ বিকল ফেচবুক-ইনষ্টা: প্ৰায় এঘন্টা বিশ্বজুৰি হাহাকাৰ

Facebook Not Working: মঙলবাৰে নিশা এঘন্টাৰ বাবে হঠাৎ বিকল হৈ পৰে ফেচবুক, ইনষ্টাগ্ৰাম ৷ ইয়াৰ পাচতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় চ’ছিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মাজত ৷ অৱশ্যে কৰ্তৃপক্ষৰ প্ৰচেষ্টাত এঘণ্টাৰ পাচত পুনৰ আৰম্ভ হয় ইনষ্টাগ্ৰাম আৰু ফেচবুক সেৱা ৷

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 9:50 PM IST

Updated : Mar 6, 2024, 8:53 AM IST

Facebook Not Working
বিকল হৈ পৰিছে ফেচবুক

নিউজ ডেস্ক, 5 মাৰ্চ: মঙলবাৰে নিশা কিছু সময়ৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ল বিশ্বজুৰি ৷ ধৰধৰ মাৰমাৰ লাগিল কোটি কোটি ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী মাজত ৷ নিশা প্ৰায় 8.59 বজাত হঠাৎ লগ আউট হৈ গ’ল সকলোৰে ফেচবুক একাউণ্ট ৷ পুনৰ লগ ইন কৰিবলৈ সমৰ্থ নহ'ল ফেচবুক ব্যৱহাৰকাৰীসকল ৷

সকলোৱে প্ৰথমে নিজৰ একাউণ্টটো হেক হোৱা বুলি শংকিত হৈছিল যদিও বন্ধুবৰ্গৰ লগত আলোচনা কৰাৰ পিচত জানিব পাৰিলে যে সকলোৰে একেই গতি হৈছে ৷ কিয় এনে পৰিস্থিতিৰ সৃষ্টি হৈছে তাকে জানিবলৈ সকলো ঢপলিয়াই গ’ল ‘X’লৈ ৷ Xৰ জৰিয়তে জানিব পাৰিলে যে METAৰ ছাৰ্ভাৰ ডাউন হোৱাৰ বাবে ফেচবুকৰ লগতে ইষ্টাগ্ৰামেও কাম নকৰা হয় ৷ অৱশ্য সক্ৰিয় হৈ থাকিল ৱাটছএপ ৷

ইফালে Xত দেখিবলৈ পোৱা গ'ল বহু আমোদজনক পোষ্ট, ভিডিঅ’ ৷ ফেচবুক বিকল হোৱাৰ পিচত কিদৰে সকলোৱে Xলৈ ঢপলিয়াই আহিছে তাকে লৈ বহুতে কৰিলে ধেমেলিয়া পোষ্ট ৷ অৱশ্যে কি কাৰণে হঠাৎ এনে পৰিস্থিতিৰ সৃষ্টি হ’ল সেই সন্দৰ্ভত মেটা কৰ্তৃপক্ষই স্পষ্টীকৰণ দিয়া নাই ৷

তথ্য অনুসৰি ৭৭ শতাংশতকৈও অধিক এপ্লিকেচন ব্যৱহাৰকাৰীয়ে উক্ত সমস্যাৰ ৰিপ'ৰ্ট দিয়ে ৷ আনহাতে ২১ শতাংশ ব্যৱহাৰকাৰীয়ে ৱেবছাইটত সমস্যাৰ সন্মুখীন হোৱাৰ ৰিপ'ৰ্ট দিয়ে । লণ্ডনস্থিত ইণ্টাৰনেট নিৰীক্ষণ প্ৰতিষ্ঠান নেটব্লকে এক্সত কয় যে চাৰিটা মেটা প্লেটফৰ্ম- ফেচবুক, ইনষ্টাগ্ৰাম, মেছেঞ্জাৰ আৰু থ্ৰেড একাধিক দেশত লগ-ইনৰ সমস্যাত পৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে মেটাৰ ৱাটছএপৰ ব্যৱসায়িক এপ্লিকেশ্যনো প্ৰগ্ৰামিং ইণ্টাৰফেচৰ সমস্যাৰ সন্মুখীন হয় । মেটাৰ মুখপাত্ৰ এণ্ডি ষ্ট'নে Xযোগে কয় যে কোম্পানীৰ সেৱাসমূহৰ ক্ষেত্ৰত ব্যৱহাৰকাৰীসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধান কৰাৰ বাবে চেষ্টা কৰি থকা হৈছে । Xৰ এক পোষ্টত কয়, ‘‘আমি অৱগত যে মানুহে আমাৰ সেৱাসমূহ লাভ কৰাত সমস্যাৰ সন্মুখীন হৈছে । আমি এতিয়া ইয়াৰ ওপৰত কাম কৰি আছো ।’’

অৱশ্যে প্ৰায় এঘণ্টা ইনষ্টাগ্ৰাম আৰু ফেচবুক সেৱা বিকল থকাৰ পাচত কৰ্তৃপক্ষৰ প্ৰচেষ্টাত পুনৰ আৰম্ভ হয় এই সেৱাসমূহ ৷

লগতে পঢ়ক: Instagram Down On Friday : শুকুৰবাৰে বিশ্বজুৰি স্তব্ধ হৈ পৰে ইনষ্টাগ্ৰাম

Last Updated : Mar 6, 2024, 8:53 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.