ETV Bharat / technology

সুখবৰ ! 11 হাজাৰতকৈও অধিক ৰেহাইত লাভ কৰক iPhone - iPhone Price Drop

author img

By ETV Bharat Tech Team

Published : Sep 9, 2024, 12:39 PM IST

Updated : Sep 9, 2024, 1:20 PM IST

iPhone 14 15 Price Drop: আইফোন ব্যৱহাৰকাৰীসকলৰ বাবে সুখবৰ ৷ হ্ৰাস পালে আইফোনৰ দাম ৷ আজি ভাৰতীয় বজাৰত iPhone 16 মুকলি হোৱাৰ পূৰ্বেই এই ঘোষণা কোম্পানীটোৰ । হ্ৰাস হৈ বৰ্তমান কোনটো আইফোন মডেলৰ কিমান মূল্য জানি লওঁক...

Apple iPhone 16 launch: Here is expected new price for iPhone 15, 14 in India
সুখবৰ ! 11 হাজাৰতকৈও অধিক ৰেহাইত লাভ কৰক iPhone (Getty Image)

নিউজ ডেস্ক, 9 ছেপ্টেম্বৰ: কেমেৰাৰ মানদণ্ডৰ বাবে ভাৰতীয় বজাৰত জনপ্ৰিয়তা অৰ্জন কৰিছে এপল আইফোনে । বৰ্তমান অধিকাংশ যুৱক-যুৱতীয়ে আইফোন ক্ৰয় কৰিবলৈ বিচাৰে । ভাৰতীয়ৰ পছন্দৰ কথা মনত ৰাখি কোম্পানীটোৱেও নিজৰ মান বৃদ্ধি কৰি নতুন স্মাৰ্টফোন বজাৰত মুকলি কৰি দিছে । অৱশ্যে আজি iPhone 16 মুকলি হ’ব বজাৰত আৰু এই সময়তে নামী-দামী কোম্পানীটোৰ পূৰ্বৰ মডেলৰ দাম ক্ৰমান্বয়ে হ্ৰাস পাইছে । যিকেইটা মডেলৰ প্ৰতি গ্ৰাহকে ইতিমধ্যে যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, iPhone 16 মুকলি হ’বলৈ ওলোৱাৰ সময়তে দাম কমিছে পুৰণি মডেলৰ ৷ নতুন স্মাৰ্টফোনটোৰ বাবেই পুৰণি মডেলৰ দাম কমিছে বুলি জানিব পৰা গৈছে ।

  • iPhone 15 মুকলি কৰাৰ সময়ত ইয়াৰ মূল্য আছিল 79,600 টকা
  • এতিয়া 9,601 টকা ৰেহাইৰ সৈতে 69,999 টকাত বিক্ৰী কৰা হৈছে
  • বিভিন্ন বেংকৰ অফাৰ ইয়াৰ যুক্ত হোৱাৰ ফলত ইয়াৰ দাম আৰু কম হৈছে
  • এতিয়া গ্ৰাহকে ইয়াক আমাজন আৰু ফ্লিপকাৰ্ট চাইটত কম মূল্যত বিচাৰি পাব

যদি আপুনি iPhone 14 কিনিব বিচাৰে তেন্তে এইয়াই আপোনাৰ বাবে সোণালী সুযোগ

  • iPhone 14 এতিয়া 57999 টকাত উপলব্ধ । মুকলিৰ সময়ত এই মডেলৰ মূল্য আছিল 69,900 টকা
  • এতিয়া কোম্পানীয়ে গ্ৰাহকক 11,601 টকা ৰেহাই দিছে
  • iPhone 15 ৰ দৰে এই মডেলৰ মূল্যও বেংক অফাৰৰ সৈতে আৰু কম হ’ব পাৰে ।

কিয় কমিছে দাম?

  • iPhone 14 আৰু iPhone 15 ৰ মূল্য হ্ৰাস কৰাটো কোম্পানীটোৰ এক ব্যৱসায়িক কৌশল
  • নতুন ফোন iPhone 16 অহাৰ লগে লগে কোম্পানীয়ে ষ্ট’ৰৰ পৰা পুৰণি মডেলটো আঁতৰাবলৈ মূল্য হ্ৰাস কৰা বুলি কোৱা হৈছে
  • গ্ৰাহকে কম দামত ভাল ডিলৰ সুবিধা গ্ৰহণৰ সম্ভাৱনা বেছি
  • iPhone 16 মুকলি হোৱাৰ পিছত ইয়াৰ মূল্য অধিক হ্ৰাস পোৱাৰ সম্ভাৱনা আছে

লগতে পঢ়ক: আজি বজাৰত আহিব Apple iPhone 16 : ভাৰতীয় বজাৰত কিমান হ’ব দাম ? - Apple iPhone 16 launch

ফটো তোলাজনো এতিয়াৰে পৰা বাদ নপৰে গ্ৰুপ ফটোৰ পৰা : কেনেকৈ সম্ভৱ ? - Google Pixel 9 features

বজাৰত মুকলি হ’ল Samsung Galaxy A06 - Samsung Galaxy A06 Launched

Last Updated : Sep 9, 2024, 1:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.