ETV Bharat / technology

আইফোন নিৰ্মাতা কোম্পানী এপলত CFO হিচাপে নিযুক্ত ভাৰতীয় মূলৰ কেভান পাৰেখ - New CFO of Apple

author img

By ETV Bharat Tech Team

Published : Aug 27, 2024, 12:39 PM IST

Apple announces new CFO: আইফোন নিৰ্মাতা কোম্পানী এপলত মুখ্য বিত্তীয় বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে এগৰাকী ভাৰতীয় মূলৰ ব্যক্তিক ৷ তেখেত হ’ল এপলৰ বিত্তীয় পৰিকল্পনা আৰু বিশ্লেষণৰ উপ-সভাপতি কেভান পাৰেখ ৷ 2025 চনৰ 1 জানুৱাৰীত CFO হিচাপে দায়িত্ব গ্ৰহণ কৰিব পাৰেখে ৷

Apple
আইফোন নিৰ্মাতা কোম্পানী এপলত CFO হিচাপে নিযুক্ত ভাৰতীয় মূলৰ কেভান পাৰেখ (ETV Bharat (File Photo))

নিউজ ডেস্ক, 27 আগষ্ট: এপলে প্ৰকাশ কৰিছে যে 2025 চনৰ 1 জানুৱাৰীত মুখ্য বিত্তীয় বিষয়া লুকা মেষ্ট্ৰীয়ে বৰ্তমানৰ দায়িত্বৰ পৰা অব্যাহতি ল’ব । পৰিকল্পিত উত্তৰাধিকাৰৰ অংশ হিচাপে এপলৰ বিত্তীয় পৰিকল্পনা আৰু বিশ্লেষণৰ উপ-সভাপতি কেভান পাৰেখ মুখ্য বিত্তীয় বিষয়া হিচাপে যোগদান কৰিব আৰু কাৰ্যবাহী দলত যোগদান কৰিব ।

এপলত যোগদান কৰাৰ পূৰ্বে পাৰেখে থমছন ৰয়টাৰ আৰু জেনেৰেল মটৰ্ছত বিভিন্ন শীৰ্ষ দায়িত্বত অৱতীৰ্ণ হৈছিল । পাৰেখ মিচিগান বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক আৰু চিকাগো বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰীধাৰী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ ।

পাৰেখে এপলত 11 বছৰ ধৰি নিয়োজিত হৈ আহিছে আৰু বৰ্তমান ফাইনেন্সিয়েল প্লেনিং এণ্ড এনালাইছিছ, জি এণ্ড এ এণ্ড বেনিফিটছ ফাইনেন্স, ইনভেষ্টাৰ ৰিলেচনছ, আৰু মাৰ্কেট ৰিচাৰ্চৰ নেতৃত্ব দি আছে । এই দায়িত্বৰ পূৰ্বে পাৰেখে ৱৰ্ল্ডৱাইড চেলছ, ৰিটেইল, আৰু মাৰ্কেটিং ফাইনেন্সৰ নেতৃত্ব দিছিল । তেওঁ এপলৰ প্ৰডাক্ট মাৰ্কেটিং, ইণ্টাৰনেট বিক্ৰী আৰু সেৱা, অভিযান্ত্ৰিক দলৰ আৰ্থিক সহায়ৰ নেতৃত্ব দি নিজৰ কাৰ্যকাল আৰম্ভ কৰিছিল ।

পাৰেখক চিএফঅ’ হিচাপে উন্নীত কৰাৰ সন্দৰ্ভত এপলৰ চিইঅ’ টিম কুকে কয়, “এটা দশকৰো অধিক সময় ধৰি কেভান এপলৰ বিত্তীয় নেতৃত্বৰ দলৰ এজন অপৰিহাৰ্য সদস্য আৰু কোম্পানীটোৰ সকলো দিশ তেওঁৰ আয়ত্বৰ ভিতৰত । তেওঁৰ চোকা বুদ্ধিমত্তা, তীক্ষ্ণ বিচাৰ আৰু অৰ্থনৈতিক দিশত থকা দখলৰ বাবেই তেওঁক এপলৰ পৰৱৰ্তী চিএফঅ’ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ।”

আনহাতে, মেষ্ট্ৰীয়ে তথ্য ব্যৱস্থা আৰু প্ৰযুক্তি, তথ্য সুৰক্ষা, ৰিয়েল এষ্টেট আৰু উন্নয়নকে ধৰি কৰ্পৰেট সেৱাৰ আদি ক্ষেত্ৰৰ নেতৃত্ব প্ৰদান কৰিব আৰু শীৰ্ষ কাৰ্যবাহী বিষয়া কুকক এই সন্দৰ্ভত প্ৰতিবেদন প্ৰদান কৰিব ।

লগতে পঢ়ক: আইফোন 16 ৰ লগতে বজাৰত শীঘ্ৰে মুকলি হোৱাৰ সম্ভাৱনা এয়াৰপ’ড, ঘড়ী : ব্লুমবাৰ্গ - iPhone 16 Series Launch soon

এপ'লৰ সৈতে এ আই প্ৰতিদ্বন্দ্বিতাৰ দৌৰ; গুগলে আগতীয়াকৈ মুকলি কৰিলে পিক্সেল 9 আৰু পিক্সেল 9 প্ৰ' - Google Pixel 9

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.