ETV Bharat / state

গৰুচোৰৰ দলত নতুন সংযোজন, চুৰি কৰিবলৈ আহি জালত মহিলা গৰুচোৰ - WOMEN COW THIEVE DETAINED

author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 5:31 PM IST

Women cow thieve detained: অপৰাধ নিৰ্মূলৰ বাবে সৰৱ হৈছে আৰক্ষী প্ৰশাসন । পিচে আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দিবলৈ ন ন কৌশলৰে সাজু অপৰাধী । এইবাৰ ৰাইজৰ জালত পৰিল গৰুচোৰ । গৰুচোৰৰ দলৰ নেতৃত্বত এগৰাকী মহিলা । সৱিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Women cow thieve come to steal cows in public trap at Dergaon in Golaghat
ৰাইজৰ জালত পৰিল মহিলা গৰু চোৰ (ETV Bharat Assam)

গোলাঘাট,৯ আগষ্ট: ৰাজ্যজুৰি সক্ৰিয় গৰু চুৰি চক্ৰ । গৰু চুৰিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়েও । কিন্তু ইয়াৰ মাজতে একাংশ গৰুচোৰে কৌশলেৰে চলাই গৈছে চুৰিকাৰ্য । আৰক্ষীৰ অভিযানত কিশোৰৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে জড়িত হৈ পৰাৰ খবৰ হয়তো আপুনি পাইছে । কিন্তু এইবাৰ ইতিহাস ৰচিলে এগৰাকী মহিলাই । গৰু চুৰি কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল এগৰাকী মহিলা । ৰাজ্যৰ ভিতৰতেই সম্ভৱত গৰু চুৰি কাৰ্যত জড়িত থকাৰ অভিযোগ উঠা এইগৰাকীয়েই হ'ব প্ৰথম মহিলা ।

দেৰগাঁৱত গৰুচোৰ নহয় এইবাৰ চুৰুনী:

ঘটনাৰ প্ৰেক্ষাপট দেৰগাঁৱৰ ৰঙামাটি । শুকুৰবাৰে পুৱতি নিশা ৰঙামাটিৰ দানহবাবা থানৰ সমীপৰ ভূঞালাইনৰ সন্মুখত এখন ইণ্ডিগ' বাহনত ঠেলি-হেঁচি উঠাই গৰু চুৰিৰ চেষ্টা চলাইছিল এটা দলে । গৰুচোৰৰ দলটোক নেতৃত্ব দিছিল এগৰাকী মহিলাই । লগত আছিল কেইবাজনো পুৰুষ ।

স্থানীয় ৰাইজে গোপন সু্ত্ৰৰ পম খেদি সেইস্থানত হঠাতে উপস্থিত হোৱাত আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে পুৰুষকেইজনে । অকলশৰীয়াকৈ থাকি গ'ল মহিলাগৰাকী । লগে লগে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি । উত্তেজিত ৰাইজে মহিলাগৰাকীক উত্তম মাধ্যম সোধাই গাড়ীখনৰ পৰা উদ্ধাৰ কৰে চুৰি কৰা গৰুজনী । পৰস্থিতি অধিক অৱনতি ঘটাৰ পূৰ্বেই সেই স্থানত আটছাৰ এটা দল উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ।

ৰাজহুৱাকৈ এজাহাৰ দাখিল:

ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হোৱা দেৰগাঁও আৰক্ষীক গতাই দিয়ে গাড়ীসহ মহিলাগৰাকীক । শুকুৰবাৰে গৰুৰ গৃহস্থৰ লগতে দেৰগাঁও আৰক্ষী থানাত ৰাজহুৱাকৈয়ো দাখিল কৰা হয় এজাহাৰ । লক্ষ্যণীয় বিষয় যে ৰাজ্যত আৰক্ষী বিভাগে যিমানেই গৰু চুৰি চক্ৰ উৎখাতৰ চেষ্টা চলাইছে সিমানেই ন ন কৌশল অৱলম্বন কৰি নিৰ্বিঘ্নে চুৰিকাৰ্য সংঘটিত কৰি গৈছে গৰু চুৰি চক্ৰই । এইক্ষেত্ৰত আৰক্ষী কিমান দুৰ সফল হ'ব সেয়া সময়ত লক্ষণীয় হ'ব । ইফালে গৰু চুৰি চক্ৰত এইবাৰ মহিলাৰ অন্তৰ্ভুক্তিয়ে স্তম্ভিত কৰিছে সকলোকে । আৰক্ষীৰ বাবেও যে এয়া এক বৃহৎ প্ৰত্যাহ্বান হ'ব সেয়া নিশ্চিত ।

লগতে পঢ়ক: ধুবুৰীত গৰুভৰ্তি বিলাসী বাহন জব্দ

বিলাসী বাহনত দুই যুৱক আহিছিল ছাগলী চুৰি কৰিবলৈ; পিছে ৰাইজৰ মৰমত আৰক্ষীৰ বাহনতহে গ’ল ৰঙাঘৰলৈ - Animal Smuggling in Nagaon

আৰক্ষীৰ জালত গৰুচোৰৰ গেং - COW SMUGGLERS DETAINED

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.