ETV Bharat / state

হাফলঙত সোপাধৰাৰ সন্দেহত এগৰাকী মহিলাক গণপ্ৰহাৰ - Mob Lynching in Haflong - MOB LYNCHING IN HAFLONG

Woman beaten up: হোলীৰ দিনাই ডিমা হাছাওত অঘটন । সোপাধৰাৰ সন্দেহত এগৰাকী মহিলাক গুৰুলাগুৰুলকৈ প্ৰহাৰ হাফলঙৰ একাংশ ৰাইজৰ । উত্তেজিত ৰাইজৰ আক্ৰমণত আহত আৰক্ষী জোৱানো । আহত মহিলাগৰাকী সংকটজনক অৱস্থাত হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ।

Woman beaten up on suspicion of being abductors in Haflong
হাফলঙত সোপাধৰাৰ সন্দেহত এগৰাকী মহিলাৰ গণপ্ৰহাৰ
author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 10:09 PM IST

হাফলঙত সোপাধৰাৰ সন্দেহত এগৰাকী মহিলাক গণপ্ৰহাৰ

হাফলং,২৬ মাৰ্চ: হোলীৰ আনন্দ-উল্লাসৰ মাজতে অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত অঘটন । সোমবাৰে অৰ্খাৎ হোলীৰ দিনা বিয়লিৰ ভাগত হাফলং আৰক্ষী থানাৰ অন্তৰ্গত নিম্ন হাফলঙত সোপাধৰা সন্দেহত এগৰাকী মহিলাৰ ওপৰত প্ৰাণঘাটি আক্ৰমণ । উত্তেজিত ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় মহিলাগৰাকী ।

  • " class="align-text-top noRightClick twitterSection" data="">

জানিব পৰা মতে সোমবাৰে বিয়লিৰ ভাগত নেপালৰ পৰা নিজৰ মাতৃগৃহলৈ অহা এগৰাকী মহিলাই এটি শিশুক মৰমতে দোকানৰ পৰা চকলেট কিনি দিয়াৰ উপৰি ১০০ টকা দিছিল । তেতিয়াই এই শিশুৰ পিতৃ উপস্থিত হৈ তেওঁৰ পুত্ৰক সোপাধৰাই নিবলৈ ধৰা বুলি চিঞৰ-বাখৰ কৰাত অঞ্চলটোৰ ৰাইজ গোট খাই মহিলাগৰাকীক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে । ৰাইজৰ প্ৰহাৰত মহিলাগৰাকী গুৰুতৰভাৱ আঘাতপ্ৰাপ্ত হৈ ঘটনাস্থলীতে অচেতন হৈ পৰে ।

ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰৰ চেষ্টা চলোৱাত উত্তেজিত ৰাইজে আৰক্ষীৰ বাহনতো আক্ৰমণ চলাই আৰক্ষীৰ বাহনৰ ক্ষতিসাধন কৰে । ৰাইজৰ আক্ৰমণত এছ আই লক্ষ্মীধৰ শইকীয়াৰ লগতে বহু কেইজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয় । অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি গুৰুতৰভাৱে আহত মহিলাগৰাকীক হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ।

আনহাতে উত্তেজিত ৰাইজৰ আক্ৰমণত আহত আৰক্ষী জোৱানজনক হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিবলৈ দিয়ে হাফলং আৰক্ষীয়ে । ইফালে এই ঘটনাৰ লগত জড়িত ৭ জন লোকক আৰক্ষীয়ে নিশাই গ্ৰেপ্তাৰ কৰে । হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন মহিলাগৰাকীৰ পৰিয়ালৰ সদস্যসকলে জানিবলৈ দিয়ে যে কিছুদিন পূৰ্বে মহিলাগৰাকী নেপালৰ পৰা তেওঁৰ মাতৃৰ গৃহলৈ আহিছিল । সোমবাৰে মহিলাগৰাকী সম্বন্ধীয়ৰ ঘৰলৈ ওলাই অহাৰ সময়তে এটি শিশুক দেখি তেওঁ শিশুটিক চকলেট কিনি দিয়ে আৰু ১০০ টকা দিয়ে ।

তেতিয়াই শিশুটিৰ পিতৃ উপস্থিত হৈ তেওঁৰ পুত্ৰক অপহৰণৰ চেষ্টা চলোৱা বুলি চিঞৰ-বাখৰ কৰাত ৰাইজ গোট খাই সোপাধৰা সন্দেহত উত্তেজিত ৰাইজে মহিলা গৰাকীক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে । ৰাইজৰ প্ৰহাৰত মহিলাগৰাকী গুৰুতৰভাৱে আহত হয় । বৰ্তমান মহিলাগৰাকীৰ অৱস্থা সংকটজনক হৈ আছে বুলি জানিবলৈ দিয়ে মহিলাগৰাকীৰ আত্মীয়ই ।

ঘটনা সন্দৰ্ভত মঙলবাৰে সন্ধিয়া ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক ময়ংক কুমাৰে এখন সংবাদমেল সম্বোধন কৰি কয় সোমবাৰে সন্ধ্যা 7:30 মান বজাত হাফলঙৰ বজাৰত এগৰাকী মহিলাক সোপাধৰা সন্দেহত উত্তেজিত ৰাইজে আক্ৰমণ চলায় বুলি আৰক্ষীলৈ এক খবৰ আহিছিল । খবৰ লাভ কৰা মাত্ৰকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত উত্তেজিত ৰাইজে আৰক্ষীৰ ওপৰতো আক্ৰমণ চলায় । য'ত আৰক্ষীৰ তিনিগৰাকী জোৱান আহত হয় । ইয়াৰে এগৰাকী আৰক্ষী জোৱানৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে আৰক্ষী জোৱানজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ।

লগতে আৰক্ষী অধীক্ষকগৰাকীয়ে এই ঘটনাত জড়িত চাৰি গৰাকী মহিলা আৰু তিনি গৰাকী পুৰুষক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে । লগতে ঘটনা সন্দৰ্ভত হাফলং আৰক্ষী থানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হয় বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষক ময়ংক কুমাৰে কয় যে এনে ধৰণৰ ঘটনাৰ লগতে জড়িতসকলক আইন অনুসৰি কঠোৰ শাস্তি প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক: জখলাবন্ধা আৰক্ষী নিৱেশৰ লক্আপত অভিযুক্তৰ আত্মহত্যা - Accused Suicide In Jakhalabandha

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.