ETV Bharat / state

বাতিল হ'ব নেকি কাজিৰঙাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি ? - Kaziranga National Park

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 10:41 PM IST

Kaziranga World Heritage Site :ৰাজ্যৰ বন আৰু পৰ্যটন বিভাগেই বিপদ মাতিছে নেকি কাজিৰঙালৈ ? আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদৰ এখন পত্ৰই ঘণীভূত কৰিছে এই সন্দেহ ।

Kaziranga World Heritage Site
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (ETV Bharat Assam)

কাজিৰঙা, ২৮ জুলাই: ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰামৰ্শদাতা সংস্থা আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদ (ICOMOS)ৰ ৰাজ্যৰ পৰ্যটন সঞ্চালকলৈ দিয়া এখন উদ্বেগজনক পত্ৰৰ পাছতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি বাতিল হোৱাৰ সন্দেহ ঘনীভূত হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰস্তাবিত পঞ্চতাৰকা হোটেল নিৰ্মানৰ প্ৰসংগত অনুসন্ধান কৰিবলৈ কৈ কাজিৰঙাৰ বন্যপ্ৰাণীৰ বিচৰণস্থলীত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ যোজাত উদ্বিগ্নতা প্ৰকাশ কৰিছে আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদে ।

কিয় বাতিল হ'ব পাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি ?

উল্লেখযোগ্য যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি কোনো ক্ষেত্ৰতে স্থায়ী নহয়, ইয়াৰ পূৰ্বে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰো স্বীকৃতি বাতিল কৰা হৈছিল । কাজিৰঙাই স্বীকৃতি লাভ কৰিছিল ১৯৮৫ চনত । কিন্তু ৰাষ্ট্ৰীয় উদ্যানখনত জৈৱ বৈচিত্ৰ সংৰক্ষণৰ সমান্তৰালকৈ পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ বাবে লোৱা কেতবোৰ পদক্ষেপে উদ্বিগ্ন কৰি তুলিছে ইউনেস্ক'ৰ বিশেষজ্ঞ সংস্থা আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদক । কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ প্ৰস্তাৱৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰি আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদৰ বিশেষজ্ঞ সদস্যই পৰ্যটন বিভাগৰ সঞ্চালক পদ্মপাণি বৰাক সোঁৱৰাই দিছে ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্য অক্ষুন্ন ৰাখি কাজিৰঙাত পৰ্যটকৰ উপস্থিতি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ দায়িত্ব । লগতে সোঁৱৰাই দিছে জৈৱ বৈচিত্ৰ সংৰক্ষণত ল'বলগীয়া গুৰুত্ব ।

পৰিষদে স্থানীয় বাসিন্দাৰ মতামত লৈহে পৰ্যটনৰ বিকাশৰ সিদ্ধান্ত লোৱাৰ বিষয়েও সোঁৱৰাই দিছে আৰু তাৰ পাছতেই প্ৰস্তাৱিত পঞ্চতাৰকা হোটেলে কাজিৰঙাত পৰ্যটকৰ বহন ক্ষমতা, বন্যপ্ৰাণীৰ ওপৰত পৰিবলগীয়া প্ৰভাৱ, স্থানীয় লোকৰ অংশগ্ৰহণ আৰু কাজিৰঙা সাপেক্ষে বহনক্ষম নিৰ্মাণৰ প্ৰভাৱৰ ওপৰত পৰ্যটন সঞ্চালকৰ পৰা উত্তৰ বিচাৰিছে আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদে। এই ক্ষেত্ৰত ৰাজ্যৰ পৰ্যটন বিভাগ বা চৰকাৰে আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদক দিয়া উত্তৰৰ গ্ৰহণযোগ্যতাৰ ওপৰতে নিৰ্ভৰ কৰিব কাজিৰঙাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি থাকিব নে নাথাকিব ।

জীপাল কৃষক শ্ৰমিক সংঘৰ সকীয়নি:

ইফালে পৰ্যটন বিভাগলৈ আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদে এই পত্ৰ প্ৰেৰণ কৰাৰ পাছতেই কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ লগে লগেই ইয়াৰ বন্যপ্ৰাণী আৰু স্থানীয় ভূমি অধিকাৰী কৃষক শ্ৰমিক সকলৰ ওপৰত পৰিবলগীয়া প্ৰভাৱ সম্বন্ধে জীপাল কৃষক শ্ৰমিক সংঘই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এই ক্ষেত্ৰত জীপালৰ উপদেষ্টা সোনেশ্বৰ নৰহে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক সকীয়াই দি কয়, "কোনো কাৰণত কাজিৰঙাই যদি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি হেৰুৱাবলগীয়া হয় তেনে স্বাভাৱিকতেই জবাহদিহি কৰা হ'ব তেওঁলোকক ।"

তেওঁ লগতে কয়, "যিসকল স্তাৱক বাহিনীয়ে পঞ্চতাৰকা হোটেলৰ পক্ষত থাকি স্থানীয় আদিবাসী কৃষক আৰু শ্ৰমিকক পৈত্ৰিক ভূমিৰ অধিকাৰৰ পৰা বিতাড়িত কৰিব বিচাৰিছে তেওঁলোককো সকীয়াই দিছো এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ ।" কাজিৰঙাৰ পঞ্চতাৰকা হোটেল বিতৰ্কই আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদৰ‌ দৰে ইউনেস্ক'ৰ পৰামৰ্শদাতা সংস্থা এটাৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ জীপালৰ বক্তব্যক স্থানীয় আৰু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে তুলি ধৰাক লৈও ধন্যবাদ জ্ঞাপন কৰে জীপাল কৃষক শ্ৰমিক সংঘই ।

লগতে পঢ়ক:মোদী-হিমন্তৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ - Jayanta Malla on Charaideo Moidam

চৰাইদেউ মৈদামৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতিয়ে ভাৰতৰ এক্ট-ইষ্ট নীতিৰ লক্ষ্য পূৰণত কেনেকৈ সহায় কৰিব - Charaideo Moidams

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.