ETV Bharat / state

আজি বিশ্ব হস্তী দিৱস: নুমলীগড়ত অব্যাহত আছে হাতী-মানুহৰ সংঘাত - wild elephants terror in Numaligarh

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 2:08 PM IST

Man Elephant conflict: নুমলীগড়ত অব্যাহত হাতী-মানুহৰ সংঘাত । জাক জাক বন্যহস্তীৰ মুক্ত বিচৰণত অঞ্চলজুৰি সৃষ্টি হৈছে ত্ৰাসৰ ৷ খাদ্যৰ সন্ধানত জনাঞ্চলত মুক্ত মনে বিচৰণ হাতীৰ ।

Man Elephant conflict
নুমলীগড়ত অব্যাহত হাতী-মানুহৰ সংঘাত (ETV Bharat Assam)

গোলাঘাট, 11 আগষ্ট: ৰাজ্যত বৰ্তমানেও অব্যাহত হাতী-মানুহৰ সংঘাত । বনাঞ্চলৰ সংখ্যা ক্ৰমাৎ হ্ৰাস হৈ অহাত জনাঞ্চলত বিচৰণ কৰা পৰিলক্ষিত হৈ আহিছে হাতীক ৷ সদৃশ দৃশ্য শেহতীয়াকৈ পৰিলক্ষিত হৈছে গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙী মৌজাৰ এখন চাহ বাগিচাত ৷

বনাঞ্চলৰ পৰা ওলাই অহা এটা বৃহৎ বন্যহস্তীৰ জাকে মুক্ত বিচৰণ কৰিছে চাহ বাগিচাখনত । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে দিনৰ ভাগত চাহ বাগিছাখনত বিচৰণ কৰি নিশাৰ ভাগত বিভিন্ন গাঁৱত প্ৰৱেশ কৰি এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছে । যাৰ বাবে উজাগৰী নিশা কটাবলগীয়াত পৰিছে স্থানীয় লোকসকলে ৷

উল্লেখ কৰা প্ৰয়োজন যে, বছৰটোৰ প্ৰতিটো দিনেই বৃহত্তৰ মৰঙি মৌজাৰ অন্তৰ্গত বিভিন্ন গাৱঁত ভয়াৱহভাৱে বৃদ্ধি পাইছে বনৰীয়া হাতীৰ ত্ৰাস ৷ যাৰ পৰিপ্ৰেক্ষিতত নিশাটো উজাগৰে থাকি নিজৰ ঘৰখনৰ লগতে খেতিপথাৰৰ প্ৰতিও নজৰ দিব লগা হৈছে স্থানীয় গাঁৱৰ লোকসকলে ।

জিলাখনৰ ৰংবং, ফুলনি গাঁও, বকিয়াল, মূৰফুলনী, পংকা, দৈগ্ৰোং, ৰঙাজান, থুৰামুখ, আৱৰ ঘাট, চিনাতলী, কাঠকটিয়া, খুমটাই, বিষ্ণুপুৰ, পোৰা বাংলা আদি অঞ্চলসমূহৰ উপৰিও আঠগাঁও, গাড়ীগাঁও, আইটনিয়া মিৰি গাওঁ, ৱোটিং, জামুগুৰি আদি অঞ্চলসমূহত অব্যাহত আছে জাক জাক বন্যহস্তীৰ উপদ্ৰৱ ।

স্থানীয় লোকে জনোৱা অনুসৰি, দিনৰ ভাগত চাহ বাগিছাত বিচৰণ কৰাৰ পাচত এন্ধাৰ হোৱাৰ লগে লগে গাঁওবোৰত প্ৰৱেশ কৰি ঘৰ-বাৰী তহিলং কৰাৰ ফলত সমস্যাৰ সন্মুখীন হৈছে পৰিয়ালবোৰ ৷ স্থানীয় ৰাইজে এই সন্দৰ্ভত সমাধান বিচাৰি বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় জনপ্ৰতিনিধিক আবেদন জনাইছে যদিও এইক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে ৷

বিশ্ব হস্তী দিৱস:

আজি বিশ্ব হস্তী দিৱস ৷ সমগ্ৰ বিশ্বতে পালন কৰা হৈছে এই দিনটো ৷ হাতীক পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ স্তন্যপায়ী প্ৰাণী বুলি গণ্য কৰা হয় ।

লগতে পঢ়ক: বন্যহস্তীৰ উপদ্ৰৱ: আতচবাজী ফুটাই দায়িত্ব সামৰিছে বন বিভাগে - WILD ELEPHANT MENACE

সেনা ছাউনিৰ কৃত্ৰিম বানত ককবকাইছে আমচাঙৰ বন্যহস্তীয়ে - Guwahati Flash Flood

বন্যহস্তীক খাদ্য যোগান মাজুলীৰ একাংশ দৰদী লোকৰ - FOOD PROVIDE TO WILD ELEPHANTS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.