ETV Bharat / state

কোন হ’ব আছুৰ নতুন সাধাৰণ সম্পাদক ? - AASU General Secretary controversy

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2024, 2:14 PM IST

AASU Executive Meeting : সদৌ অসম ছাত্র সন্থাৰ নতুন সাধাৰণ সম্পাদক কোন হ’ব ? এই বিষয়টোক লৈ এতিয়া ৰাজ্যজুৰি চৰ্চা । তাৰ মাজতে বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হ'ব কেন্দ্রীয় কার্যনির্বাহকৰ জৰুৰী বৈঠক । এতিয়া এই বৈঠকলৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে ।

AASU Executive Meeting
কোন হ’ব আছুৰ নতুন সাধাৰণ সম্পাদক ? (ETV Bharat Assam)

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ : বুধবাৰে ঠিৰাং হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ নতুন সাধাৰণ সম্পাদক কোন হ’ব । প্ৰেম-প্ৰতাৰণা বিষয়ক বিতৰ্কত সাঙোৰ খাই সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আছুৰ মজিয়া ত্যাগ কৰাৰ পিচত ৰাজ্যজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে— কোন হ’ব সদৌ অসম ছাত্র সন্থাৰ নতুন সাধাৰণ সম্পাদক ?

বুধবাৰে শংকৰজ্যোতি বৰুৱাসৃষ্ট সংকটমোচনৰ উদ্দেশ্যৰে আহ্বান কৰা হৈছে আছুৰ কেন্দ্রীয় কার্যনির্বাহকৰ জৰুৰী বৈঠক ৷ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ মুখ্য কাৰ্যালয়ত বুধবাৰে বিয়লি ৪ বজাৰ পৰা আৰম্ভ হ’ব আছুৰ কেন্দ্ৰীয় সমিতিৰ জৰুৰী সভাখন ।

সাধাৰণ সম্পাদক নহয়, বাছনি হ’ব ভাৰপ্ৰাপ্ত সম্পাদকহে :

বিতৰ্কৰ পিচত মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাৰ পৰামৰ্শৰ পিচত শংকৰজ্যোতি বৰুৱাই যোৱা বৃহস্পতিবাৰ অৰ্থাৎ ১২ ছেপ্টেম্বৰত আছুৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি লয় । শংকৰজ্যোতিয়ে আছুৰ মজিয়া এৰাৰ পাচৰে পৰা খালী হৈ আছে ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদকৰ পদটো ৷ শংকৰজ্যোতি বৰুৱাৰ পিচত সাধাৰণ সম্পাদকৰ পদটিৰ বাবে শিৱসাগৰৰ ছাত্ৰনেতা সমীৰণ ফুকনৰ নাম চৰ্চিত হয় ৷

কিন্তু সদ্যহতে সাধাৰণ সম্পাদকৰ পৰিৱৰ্তে ভাৰপ্রাপ্ত সাধাৰণ সম্পাদকৰূপে এজনক বাছনি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ কিয়নো আছুৰ সংবিধান অনুসৰি সাধাৰণ সম্পাদকৰ পৰিৱৰ্তে তাৎক্ষণিকভাৱে সহকাৰী সাধাৰণ সম্পাদকক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব দিব পৰা যায় ।

কোন হ’ব আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ?

বৰ্তমান আছুত আছে ৫ জনকৈ সহকাৰী সাধাৰণ সম্পাদক । সেই অনুসৰি বুধবাৰৰ কেন্দ্ৰীয় সমিতিৰ জৰুৰী বৈঠকত আছুৰ ৫ জন সহকাৰী সাধাৰণ সম্পাদকৰ এজনক ভাৰপ্রাপ্ত সাধাৰণ সম্পাদকৰূপে বাছনি কৰাৰ সম্ভাৱনা আছে । আছুৰ কেন্দ্রীয় সমিতিত সহকাৰী সাধাৰণ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি থকাসকল হৈছে : কাৰ্বি আংলং জিলাৰ চৰ্জুন হান্সে, ধেমাজিৰ দীপক শর্মা, তিনিচুকীয়াৰ ৰাণা সোনাৰ, গোৱালপাৰাৰ অভিজিৎ নাথ আৰু তেজপুৰৰ নিতুল বৰা ।

কেতিয়া হ’ব পূর্ণকালীন সাধাৰণ সম্পাদকৰ বাছনি ?

সাধাৰণ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰা এবছৰ হৈছিলহে শংকৰজ্যোতি বৰুৱাৰ । আৰু তিনি বছৰ কাৰ্যকাল বাকী আছিল ৷ ছাত্ৰ সংগঠনটোৰ সংবিধান অনুসৰি, কেন্দ্ৰীয় কার্যনির্বাহক সমিতিৰ নিৰ্ধাৰিত কাৰ্যকাল চাৰি বছৰ ৷ বাকী থকা তিনি বছৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ পৰিৱৰ্তে আছুৱে পৰৱৰ্তী সময়ত পূর্ণকালীন সাধাৰণ সম্পাদকৰ দিহা নিশ্চিতভাৱেই কৰিব লাগিব ।

কিন্তু আছুৰ সাধাৰণ সম্পাদক বাছনি কৰে আছুৰ বিশেষ সাধাৰণ সভা তথা প্রতিনিধিৰ বৈঠকে । সেয়ে আছুৰ পূৰ্ণাংগ সাধাৰণ সম্পাদক বাছনিৰ বাবে আছুৰ বিশেষ সাধাৰণ সভা তথা প্রতিনিধিৰ বৈঠক অনুষ্ঠিত কৰিব লাগিব । বুধবাৰৰ বৈঠকত আছুৰ বিশেষ সাধাৰণ সভা তথা প্রতিনিধিৰ বৈঠকৰ বিষয়েও আলোচনা হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :অৱশেষত আছুৰ পৰা অব্যাহতি ঘোষণা শংকৰজ্যোতি বৰুৱাৰ - AASU GS SANKOR JYOTI RESIGN
লগতে পঢ়ক :আছুলৈ বিশেষ আহ্বান সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ - SANKOR JYOTI BARUAH CONTROVERSY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.