নগাঁও, ১৬ মে': শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাপে পৰিচিত মধ্য অসম তথা নগাঁৱৰ আগশাৰীৰ কেইখনমান মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে বহু ছাত্ৰ ছাত্ৰীৰ থাকে এটা সপোন । উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতেই প্ৰথমবাৰৰ বাবে মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ আমেজেই সুকীয়া ।
মধ্য অসমৰ বিশেষকৈ বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ লগতে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ বাবে হেতা-ওপৰা লগায় মধ্য অসমৰে ছাত্ৰ ছাত্ৰীয়ে । কিন্তু এইবাৰ মহাবিদ্যালয়সমূহত নামভৰ্ত্তিৰ বাবে কৰিছে কিছু পৃথক ব্যৱস্থা ।
অনলাইন পঞ্জীয়ন:
পছন্দৰ মহাবিদ্যালয়ত নামভৰ্তিৰ পূৰ্বেই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে কৰিব লাগিব অনলাইন পঞ্জীয়ন । উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম সুযোগ প্ৰদানৰ উদ্দেশ্যে শিক্ষা বিভাগে মুকলি কৰিছে এটা ৱেবচাইট । যি ৱেবচাইটত ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমে নিজৰ নাম পঞ্জীয়ন কৰাৰ পাছতহে পছন্দৰ মহাবিদ্যালয়ত নামভৰ্তিৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ সুযোহ লাভ কৰিব ।

অসমৰ উচ্চ শিক্ষা বিভাগে ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়নৰ বাবে মুকলি কৰা ৱেবচাইটটো হৈছে-assamadmission.samarth.ac.in । অনলাইনযোগে নিজৰ নাম পঞ্জীয়ন প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে । এটা নিৰ্দিষ্ট সময়ত এই ৱেবচাইটৰ জৰিয়তে নাম পঞ্জীয়ন ব্যৱস্থা বন্ধ দিয়া হ’ব বুলিও এক বিশেষ সূত্ৰে জানিব পৰা গৈছে । তাৰ পাছতেই হয়তো মহাবিদ্যালয়সমূহত আৰম্ভ হ’ব নামভৰ্তি প্ৰক্ৰিয়া । নামভৰ্তিৰ ক্ষেত্ৰত আসনৰ সংখ্যাও সীমিত মহাবিদ্যালয়সমূহত । মধ্য অসমৰ আগশাৰীৰ কোন মহাবিদ্যালয়ৰ কোন বিভাগত আছে কিমান আসন ?
নগাঁও মহাবিদ্যালয়:
মধ্য অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ এইবাৰ স্নাতক ডিগ্ৰীৰ মুঠ আসনৰ সংখ্যা হৈছে ১১৫৪ খন । ইয়াৰে,
- বিজ্ঞান শাখাত: উদ্ভিদ বিজ্ঞান বিভাগত ৪৮, ৰসায়ন বিজ্ঞান বিভাগত ৫৬, পদাৰ্থ বিজ্ঞান বিভাগত ৪৮, জীৱ বিজ্ঞান বিভাগত ৪৯ আৰু গণিত বিভাগত ৫১ খন আসন আছে ।
- কলা শাখাত: একেদৰে নগাঁও মহাবিদ্যালয়ৰ কলা শাখাৰ বাবে অসমীয়া বিভাগত ৫০ খন আসন, আৰবী বিভাগত ১০, বাংলা বিভাগত ১৬, অৰ্থনীতি বিভাগত ৫৬, শিক্ষা বিভাগত ৫৫, ইংৰাজী বিভাগত ৬৪, ভূগোল বিভাগত ৬৫, হিন্দী বিভাগত ৪০, বুৰঞ্জী বিভাগত ৪৮, দৰ্শন বিভাগত ৪৮, ৰাজনীতি বিজ্ঞান বিভাগত ৬১, সংস্কৃত বিভাগত ১৮ আৰু পৰিসংখ্যা বিভাগত মুঠ আসনৰ সংখ্যা ২১ খন ।
ইফালে নগাঁও মহাবিদ্যালয়ত বাণিজ্য শাখাৰ স্নাতক ডিগ্ৰীৰ বাবে আসনৰ সংখ্যা হৈছে ৩০০ খন । বি এম এল টিত আছে ৫০ খন আসন ।

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়:
নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত এইবাৰ নামভৰ্তিৰ বাবে স্নাতক কলা শাখাত মুঠ আসনৰ সংখ্যা হৈছে ৭০০ আৰু স্নাতক বিজ্ঞান শাখাত আছে ৩৫০ খন আসন । আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ স্নাতক কলা শাখাৰ বাবে অসমীয়া বিভাগত আসনৰ সংখ্যা ৮৫, বাংলা বিভাগত আসনৰ সংখ্যা ২০, হিন্দী বিভাগত আসনৰ সংখ্যা ৪০, সংস্কৃত বিভাগত আসনৰ সংখ্যা ২০, আৰবী বিভাগত ২০, ইংৰাজী বিভাগত ৮০, অৰ্থনীতি বিভাগত ৫০, শিক্ষা বিভাগত ৭০, বুৰঞ্জী বিভাগত ৭৫, দৰ্শন বিভাগত ৮০, ৰাজনীতি বিজ্ঞান বিভাগত ৮০, গণিত বিভাগত ৫, পৰিসংখ্যা বিভাগত ৫ আৰু ভূগোল বিভাগত আসনৰ সংখ্যা হৈছে ৭৫ খন ।
সমান্তৰালভাৱে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত এইবাৰ নামভৰ্তিৰ বাবে স্নাতক বিজ্ঞান শাখাৰ পদাৰ্থ বিজ্ঞান বিভাগত আসনৰ সংখ্যা ৬০ খন, ৰসায়ন বিজ্ঞান বিভাগত ৬০, গণিত বিভাগত ৬০, প্ৰাণী বিজ্ঞান বিভাগত ৬০, উদ্ভিদ বিজ্ঞান বিভাগত ৬০, ভূ বিজ্ঞান বিভাগত ২০, পৰিসংখ্যা বিভাগত ৩০ খন আসন আছে । আনহাতে মহাবিদ্যালয়খনৰ বাণিজ্য শাখাত একাউণ্ট বিভাগত ৫০, ফাইনেঞ্চ বিভাগত ৫০, হিউমেন ৰিচ’ৰ্ছ মেনেজমেণ্টত ৫০, আৰু মাৰ্কেটিং মেনেজমেণ্ট বিভাগত ৫০ খন আসন আছে ।