ETV Bharat / state

কেৱল প্ৰতিশ্ৰুতি ! নিৰ্বাচনত কি ভূমিকা ল'ব গুৱাহাটীৰ ভূমি পট্টা বঞ্চিত পাহাৰবাসীয়ে - Land issue of hill dwellers

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 9:56 PM IST

Guwahati land patta : গুৱাহাটীৰ 18 খন পাহাৰৰ 85 হাজাৰ ভূমি পট্টাহীন পৰিয়ালৰ প্ৰায় 3 লাখ ভোটাৰে এইবাৰ প্ৰাৰ্থীৰ জয়- পৰাজয়ৰ ক্ষেত্ৰত নির্ণায়ক ভূমিকা লোৱাৰ যথেষ্ট সম্ভাৱনা আছে ৷ প্ৰতিশ্ৰুতি দিও গুৱাহাটীৰ পাহাৰবাসীক চৰকাৰে নিদিলে মাটিৰ পট্টা ৷

LAND ISSUE OF HILL DWELLERS
গুৱাহাটীৰ পাহাৰবাসীক চৰকাৰে নিদিলে মাটিৰ পট্টা
গুৱাহাটীৰ ভূমি পট্টা বঞ্চিত পাহাৰবাসীৰ ক্ষোভ

গুৱাহাটী, 27 মার্চ : আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটীৰ 18 খন পাহাৰৰ 85 হাজাৰ ভূমি পট্টাহীন পৰিয়ালৰ প্ৰায় 3 লাখ ভোটাৰে এইবাৰ সমষ্টিটোৰ প্ৰাৰ্থীৰ জয়- পৰাজয়ৰ ক্ষেত্ৰত নির্ণায়ক ভূমিকা লোৱাৰ যথেষ্ট সম্ভাৱনা আছে ৷ কাৰণ গুৱাহাটীত পাহাৰত বসবাস কৰা লোকসকলৰ দীৰ্ঘদিনীয়া সমস্যা বছৰ বছৰ ধৰি সমাধান হোৱা নাই ৷ বাৰে বাৰে প্ৰতিশ্ৰুতি দিও গুৱাহাটীৰ পাহাৰবাসীক চৰকাৰে নিদিলে মাটিৰ পট্টা ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এই সন্দৰ্ভত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত গুৱাহাটীৰ একাংশ পাহাৰবাসীৰ মনৰ বতৰা লোৱাৰ বাবে তেওঁলোকৰ কাষ চাপিছিল ই টিভি ভাৰত ৷ ফটাশিল আমবাৰী পাহাৰত বহু বছৰ ধৰি বসবাস কৰি থকা বিশ্বেশ্বৰ দাসে কয় যে গুৱাহাটীৰ পাহাৰীয়া অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি ভূমি অধিকাৰ সংগ্ৰাম সমিতি, গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ উদ্যোগত বাৰম্বাৰ চৰকাৰক খিলঞ্জীয়া মানুহক ভূমিৰ পট্টা দিয়াৰ বাবে আবেদন-নিবেদন কৰাৰ উপৰিও আন্দোলনো কৰি আহিছে ৷ মিছন বসুন্ধৰাৰ জৰিয়তে মাটিৰ পট্টাৰ বাবে আবেদন কৰাৰ পাচতো গুৱাহাটীৰ প্ৰায় 1 লাখ লোকৰ আবেদন বাতিল হয় ৷

এই সন্দৰ্ভত ফটাশিল আমবাৰী পাহাৰত বহু বছৰ ধৰি বসবাস কৰি থকা ভগীৰথ ডেকাই কয় যে মাটিৰ পট্টাৰ পৰা বঞ্চিত কৰাত পাহাৰত বসবাস কৰা মানুহবোৰ ভিতৰি ভিতৰি ক্ষোভিত হৈ আছে ৷ আনকি গুৱাহাটীৰ সমভূমি অঞ্চলৰ মানুহক ভূমিৰ পট্টাৰ কাৰণে চৰকাৰখনে 40/50 লাখ টকা কিস্তিৰ ধন ধাৰ্য কৰি জাননী জাৰি কৰিছে ৷ চৰকাৰে মাটিৰ পট্টা নহয়, সাধাৰণ অসমীয়া থলুৱা মানুহৰ ওচৰত চৰকাৰী মাটি বিক্ৰীহে কৰিব বিচাৰিছে ৷ গতিকে এইবাৰ দল নহয়, প্ৰাৰ্থী চাই ভোট দিব বুলি তেওঁ সদৰী কৰে ৷ তেওঁৰ মতে যিজন প্ৰাৰ্থীয়ে দিল্লীত গৈ গুৱাহাটীৰ পাহাৰবাসীৰ ৰাইজৰ বঞ্চনাৰ প্ৰশ্ন উত্থাপন কৰিব পাৰে তেওঁকহে ভোট দিব ৷

ইফালে আদিংগিৰি পাহাৰত দীৰ্ঘদিন ধৰি বসবাস কৰি থকা সীমা বড়ো আৰু পূৰ্ণিমা ব্ৰক্ষ্মই আক্ষেপ কৰি কয় যে, বিভিন্ন সময়ত বিভিন্ন চৰকাৰ আহিল‌ কিন্তু কোনো এখন চৰকাৰে তেওঁলোকৰ সমস্যা সমাধান‌ নকৰিলে ৷ বিজেপি চৰকাৰে বসুন্ধৰাৰ জৰিয়তে পাহাৰৰ মানুহক মাটিৰ পট্টা দিব বুলি অৱশেষত বঞ্চিত কৰিলে ৷ চৰকাৰে মাটিৰ খাজনা বৃদ্ধি কৰি পাহাৰবাসীৰ ওপৰত ৰাম টাঙোন‌ শোধালে ৷ লগতে তেওঁলোকে পাহাৰত বসবাস কৰা লোকসকল খোৱাপানীৰ‌ সমস্যা, ৰাস্তা-ঘাটৰ‌ সমস্যা আদি এশ‌ এবুৰি সমস্যাৰে জৰ্জৰিত হৈ আছে বুলি প্ৰকাশ কৰে ৷ এনে‌ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ পাহাৰত বসবাস কৰা লোকসকলে এইবাৰ‌ নিৰ্বাচনত কি ভূমিকা গ্ৰহণ কৰিব সেয়া‌ নিশ্চয় সময়হে ক'ব ৷

লগতে পঢ়ক : লোকসভা নিৰ্বাচন : কি বিচাৰে নগাঁৱৰ যুৱ ভোটাৰে ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.