ETV Bharat / state

চূণচালি ঘাটত শনিবাৰে ১৭ খন পূজাৰ প্ৰতিমা বিসৰ্জন; দেওবাৰেও অব্যাহত থাকিব বিসৰ্জন প্ৰক্ৰিয়া

Durga Idol immersion: দুদিনীয়াকৈ দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা গুৱাহাটীত । চূণচালিত প্ৰথম দিনা প্ৰায় ১৭ খন পূজাৰ প্ৰতিমা বিসৰ্জন ।

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2024, 8:22 AM IST

Durga Idol immersion
প্ৰথম দিনা চূণচালিত ১৫ৰো অধিক পূজাৰ প্ৰতিমা বিসৰ্জন (ETV Bharat)

গুৱাহাটী, ১৩ অক্টোবৰ: বেল বৰণেৰে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক বিজয়া দশমীত বিসৰ্জন দিয়া হয় । সেই অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শনিবাৰৰ পৰা আৰম্ভ হৈছে বিসৰ্জন প্ৰক্ৰিয়া । কিছুমান স্থানত শনিবাৰে প্ৰতিমাসমূহ বিসৰ্জন দিয়া হৈছে যদিও দেওবাৰেও এই প্ৰক্ৰিয়া চলি থাকিব । গুৱাহাটী মহানগৰীৰো ৩ টা স্থানত প্ৰশাসনে বিসৰ্জনৰ ব্যৱস্থা কৰিছে ।

ইয়াৰ ভিতৰত অন্যতম নুনমাটি-উজানবজাৰ সংযোগী পথৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীৰ চূণচালি জয়পুৰ ঘাট । য'ত শনিবাৰে পুৱা ১০ বজাৰ পৰা নিশালৈ পূজা কমিটীসমূহে তেওঁলোকৰ প্ৰতিমা বিসৰ্জন দিয়ে । শনিবাৰৰ দিনটোত প্ৰায় ১৭ খন পূজা কমিটীয়ে দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন দিছে । ইফালে দেওবাৰেও বিসৰ্জন প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি প্ৰশাসনে জনাইছে ।

সষ্টম প্ৰশাসন

প্ৰতিমা বিসৰ্জনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে । জয়পুৰ ঘাটত পৰ্যাপ্ত আৰক্ষী, নদী আৰক্ষী বাহিনী মোতায়েন কৰাৰ লগতে নুনমাটি কেন্দ্ৰীয় নাগৰিক সমিতিয়েও স্বেচ্ছাসেৱকৰ ব্যৱস্থা কৰিছে । প্ৰায় ১০০ মিটাৰ দূৰৈৰ পৰাই বিসৰ্জনৰ বাবে অনা প্ৰতিমাসমূহ কমিটীৰ পৰা স্বেচ্ছাসেৱকসকলে গ্ৰহণ কৰিছে । তাৰ পাচত দুৰ্গা পূজা কমিটীৰ ১০ৰ পৰা ১৫ জন কৰ্মকৰ্তাৰ উপস্থিতিত প্ৰতিমাসমূহ বিসৰ্জন দিয়াৰ বাবে ব্যৱস্থা কৰা হৈছে । বিসৰ্জনৰ সময়ত যাতে ঘাটত কোনো ধৰণৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিও কামৰূপ মহানগৰ জিলা প্ৰশাসনে অধিক সতৰ্কতা অৱলম্বন কৰিছে । শনিবাৰে এই বিসৰ্জন কাৰ্যসূচীত প্ৰশাসনৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকি সমগ্ৰ প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰে ।

চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কৃষ্ণা অৰ্জুন, মধ্য আৰক্ষী জিলাৰ নুনমাটি সংমণ্ডলৰ এ চি পি বৰকিৰি তেৰাং, নুনমাটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উত্তম তামাং, নাগৰিক সমিতিৰ বিষয়ববীয়া, আভ্যন্তৰীণ জল পৰিবহণ বিভাগ, এছডিআৰএফৰ বিষয়া, গুৱাহাটী পৌৰ নিগমৰ বিষয়া অগ্নি নিৰ্বাপক বাহিনীৰ এছপি ছিদ্দিক আলী আহমেদ আদি বিসৰ্জনস্থলীত উপস্থিত থাকে ।

লগতে পঢ়ক :চূণচালি জয়পূৰ ঘাটত বিসৰ্জন দেৱী দূর্গাৰ প্ৰতিমা: তৎপৰ আৰক্ষী-প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.