ETV Bharat / state

আজিৰ বজাৰত পাচলি: কৃষকে বেচিছে পানীৰ দৰত, গ্ৰাহকে কিনিছে জুই-ছাই দামত - VEGETABLE PRICE HIKE

author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 10:50 PM IST

Vegetable Prices Soar: এফালে বানে জুৰুলা কৰা কৃষকৰ হাহাকাৰ, আনপিনে পাচলি কিনিবলৈ গৈ গ্ৰাহকৰ হাহাকাৰ । পাচলি খেতি কৰি এতিয়া যেন বিপদত কৃষক । বজাৰত বিক্ৰী কৰিবলৈ গৈ মূৰে-কপালে হাত দিবলগীয়া হৈছে কৃষকে । আনহাতে, খুচুৰা বজাৰত গ্ৰাহকৰ মূৰত ৰামটাঙোন । কৃষকে পানীৰ দৰত বিক্ৰী কৰা পাচলিৰ খুচুৰা বজাৰত কিয় জুই ছাই দাম ? পাচলি বজাৰত মধ্যভোগীৰ দপদপনি ! এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

Vegetable Prices Soar
পাচলি বজাৰত মধ্যভোগীৰ দপদপনি (ETV Bharat Assam)

নগাঁও, 22 জুলাই: বানে সৰ্বস্বান্ত কৰা গ্ৰামাঞ্চল তথা চৰাঞ্চলৰ কৃষকে পাচলি বিক্ৰী কৰি উচিত মূল্য নোপোৱাৰ অভিযোগ উত্থাপন হৈছে । আনহাতে, পাচলিৰ খুচুৰা বজাৰত আকাশলংঘী মূল্যবৃদ্ধিয়ে হাহাকাৰ লগাইছে সাধাৰণ গ্ৰাহকৰ মাজত । এফালে পাচলি খেতি কৰি যেন একপ্ৰকাৰ বিপদত পৰিছে প্ৰকৃত কৃষক, আনফালে খুচুৰা বজাৰৰ পৰা পাচলি ক্ৰয় কৰিবলৈ গৈ খালী মোনাৰে ঘৰ উভতিবলগীয়া হৈছে সাধাৰণ গ্ৰাহক । কৃষকে বিক্ৰী কৰা বজাৰৰ পৰা মাত্ৰ 15 কিলোমিটাৰ খুচুৰা বজাৰতেই পাচলিৰ বিক্ৰীমূল্যৰ পাৰ্থক্যই চকু কপালত তুলিছে সাধাৰণ গ্ৰাহকৰ ।

নগাঁও জিলাৰ ধিং-জুৰীয়াৰ বিভিন্ন অঞ্চলৰ কৃষকক বানে জুৰুলা কৰাৰ সময়ত বজাৰত পাচলি বিক্ৰী কৰিবলৈ গৈ এক হাহাকাৰ অৱস্থাৰ সন্মুখীন হৈছে কৃষক । কাৰণ বজাৰত পোৱা নাই কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰা পাচলিৰ উচিত মূল্য । বিপৰীতে খুচুৰা বজাৰত অত্যধিক মূল্যত বিক্ৰী হৈছে পাচলি । চৰকাৰ তথা যোগান বিভাগৰ যেন কোনো নিয়ন্ত্ৰণ নোহোৱা হৈছে পাচলি বজাৰত । যাৰবাবে পাচলি ক্ৰয় কৰিবলৈ যোৱাৰ পূৰ্বে দহ বাৰ ভাবিবলগীয়া হয় সাধাৰণ গ্ৰাহকে ৷

লগতে পঢ়ক: পাকঘৰত ৰান্ধনিৰ কান্দোন, হোৰাহোৰে বাঢ়িছে শাক-পাচলিৰ দাম - price hike in assam

কৃষকে বিক্ৰী কৰা পাচলিৰ মূল্য: একমাত্ৰ পৰিয়াল পোহপাল দিয়াৰ উদ্দেশ্যেই কপালৰ ঘাম মাটিত পেলাই কৃষকে উৎপাদন কৰা পাচলি এতিয়া বজাৰত বিক্ৰী কৰিবলৈ গৈ যেন চকুপানী ওলোৱা অৱস্থা হৈছে নগাঁও জিলাৰ জুৰীয়াৰ বহু কৃষকৰ । কাৰণ গাঁঠিৰ ধন খৰছ কৰি উৎপাদন কৰা পাচলি বিক্ৰী কৰি উলিয়াব নোৱাৰা হৈছে উৎপাদনত হোৱা খৰছৰ পৰিমাণ ।

জুৰীয়াৰ বিভিন্ন গাঁও তথা চৰাঞ্চলৰ কৃষকে জুৰীয়া বজাৰত দহ টকাৰ পৰা পোন্ধৰ টকাৰ ভিতৰত বিক্ৰী কৰিবলগীয়া হৈছে পটল, বিলাহীৰ উপৰিও উৎপাদিত প্ৰতিবিধ পাচলি । কোনো এবিধ পাচলিয়েই প্ৰতি কেজি 20 টকা দৰত বিক্ৰী কৰিব নোৱাৰা হৈছে যাৰবাবে বিক্ৰীৰ পৰিমাণতকৈ উৎপাদনত কৰা ব্যয় অধিক হৈছে । বানে জুৰুলা কৰা কৃষকে এতিয়া চকুৰে দেখিছে কেৱল সৰিয়হৰ ফুল ।

খুচুৰা বজাৰত পাচলিৰ মূল্য: মাত্ৰ দহৰ পৰা পোন্ধৰ টকা প্ৰতি কেজি দামত জুৰীয়া বজাৰত বিক্ৰী কৰা পাচলিৰ খুচুৰা মূল্য শুনিলে চকু কপালত উঠিব সাধাৰণ লোকৰ । জুৰীয়া বজাৰৰ পৰা মাত্ৰ 15 কিলোমিটাৰ নিলগৰ নগাঁও চহৰতেই প্ৰতি কেজিত 60 টকাৰ তলত নাই কোনো এবিধ পাচলি ।

এই সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিকে চলোৱা এক অনুসন্ধানত পোহৰলৈ আহিছে মাত্ৰ 15 কিলোমিটাৰ নিলগৰ বজাৰত আকাশ-পাতাল পাৰ্থক্যৰে কিদৰে বিক্ৰী হৈছে বিভিন্ন পাচলি । নগাঁও চহৰৰ খুচুৰা পাচলি বজাৰত বিলাহী, পটলকে ধৰি প্ৰতিবিধ পাচলিৰেই মূল্য এতিয়া 60 টকাৰ ওপৰত । আনকি বহু পাচলিৰ মূল্যই অতিক্ৰম কৰিছে চেঞ্চুৰীৰ ঘৰ । এক কেজি গাজৰৰ মূল্য হৈছেগৈ ডাবল চেঞ্চুৰী । শ্বিলঙৰ বজাৰৰ পৰা গাজৰ ক্ৰয় কৰাৰ দোহাই দি বজাত দুশ টকা দৰত বিক্ৰী হৈছে গাজৰ ।

লগতে পঢ়ক: পথাৰত গেলিছে ফচল, বজাৰত জ্বলিছে জুই; হাজাৰ মন গ’লেও পছন্দৰ পাচলিবিধ খাবলৈ এতিয়া চিন্তা কৰিব লাগিব - Assam flood 2024

কি কয় সাধাৰণ গ্ৰাহকে: জুৰীয়া বজাৰত কৃষকে পানীৰ দৰত পাচলি বিক্ৰী কৰিছে যদিও নগাঁও চহৰৰ খুচুৰা পাচলি বজাৰৰ পৰা পাচলি ক্ৰয় কৰিবলৈ গৈ পাচলিৰে ভাত নাখাওঁ-নাখাওঁ অৱস্থাৰ সৃষ্টি হৈছে । চৰকাৰ তথা যোগান বিভাগৰ কোনো নিয়ন্ত্ৰণ নোহোৱাৰ বাবেই বজাৰত জুই ছাই দামত পাচলি ক্ৰয় কৰিবলগীয়া হোৱা বুলিও দাবী কৰিছে সাধাৰণ গ্ৰাহকে । আনকি পূৰ্বে মোনা লৈ পাচলি ক্ৰয় কৰিবলৈ অহা গ্ৰাহকে এতিয়া সৰু পলিথিনেৰেই ক্ৰয় কৰিবলগীয়া হৈছে পাচলি । কেৱল এয়াই নহয়, পাচলিৰ দাম শুনি খালী মোনাৰেও ঘৰ উভতিবলগীয়া হৈছে বহু গ্ৰাহক ।

স্মৰ্তব্য যে, বানত সৰ্বস্বান্ত কৃষকে অধিক দামত সাৰ ক্ৰয় কৰি কৰিবলগীয়া হয় পাচলি খেতি । আনকি খেতি কৰিবলৈ কৃষকে চৰকাৰৰ পৰা কোনো সাৰ অথবা অন্যান্য সা-সুবিধা লাভ নকৰাৰো অভিযোগ উত্থাপন কৰিছে । কৃষকে পানীৰ দৰত পাচলি বিক্ৰী কৰাৰ পাচতো খুচুৰা বজাৰৰ পৰা অধিক দামত গ্ৰাহকে পাচলি ক্ৰয় কৰাৰ সন্দৰ্ভত উত্থাপন হয় বহু প্ৰশ্নৰ । মাত্ৰ 15 কিলোমিটাৰ নিলগৰ পাইকাৰী আৰু খুচুৰা বজাৰত পাচলিৰ দামৰ পাৰ্থক্য আকাশ-পাতাল কিয় হৈছে ? পাচলি বজাৰতো চলিছে নেকি মধ্যভোগীৰ দপদপনি ?

লগতে পঢ়ক: দাম দিলেও পাচলি নোপোৱা অৱস্থা, উৎসতেই বৃদ্ধি মূল্য় - vegetable PRICE HIKE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.