ETV Bharat / state

ভয়কংৰ: এটা পৰিয়ালৰ খোৱা পানীত ৰাসায়নিক দ্ৰব্য ঢালিলে দুৰ্বৃত্তই - Sensational incident in Tinsukia

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 12:03 PM IST

Sensational incident in Tinsukia: তিনিচুকীয়াত আতংকিত হৈ পৰিছে এটা পৰিয়াল । কিয়নো পৰিয়ালটোৰ ঘৰৰ পানীৰ টেংকীত কোনো দুষ্টচক্ৰই মিহলি কৰিলে ৰাসায়নিক দ্ৰব্য । দোষীক কঠোৰ শাস্তিৰ দাবী ভুক্তভোগী পৰিয়ালৰ ।

Sensational incident in Tinsukia
পানীৰ টেংকিত ৰাসায়নিক দ্ৰব্য মিহলি দুষ্টচক্ৰৰ (ETV Bharat)

তিনিচুকীয়া, ২২ আগষ্ট: তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ আমগুৰি গাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । এগৰাকী লোকৰ ঘৰৰ খোৱাপানীৰ টেংকীত দুষ্টচক্ৰই মিহলি কৰিলে সন্দেহজনক ৰাসায়নিক দ্ৰব্য । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।

পানীৰ টেংকীত ৰাসায়নিক দ্ৰব্য মিহলি

জানিব পৰা মতে আমগুৰি গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি ৰামজী শৰ্মাৰ বাসগৃহত এই ঘটনা সংঘটিত হৈছে । ভুক্তভোগী ৰামজী শৰ্মাই জনোৱা মতে বিশেষ কামৰ বাবে তেওঁৰ পৰিয়ালটো ঘৰৰ বাহিৰত আছিল । তেওঁৰ পত্নীয়ে সন্তানক বিদ্যালয়ৰ পৰা আনিবলৈ যোৱাৰ সময়তে কোনো দুষ্টচক্ৰই এই অমানৱীয় ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে । পত্নীয়ে ঘৰলৈ উভতি আহি পানীৰ টেপটো খুলি আচৰিত হৈ পৰে । টেপৰ পৰা দুৰ্গন্ধময় আৰু লেতেৰা পানী ওলোৱাৰ লগে লগে পৰিয়ালটোৰ হাহাকাৰ লাগিল । তেতিয়া তেওঁলোকে পানীৰ টেংকী পৰীক্ষা কৰে আৰু সমগ্ৰ ঘটনাটো পোহৰলৈ আহে । খবৰ পোৱাৰ লগে লগে অঞ্চলটোৰ লোকসকল ৰামজীৰ ঘৰত উপস্থিত হয় ।

আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

ঘটনাটোৰ খবৰ ফিল'বাৰী আৰক্ষীক অৱগত কৰা হয় । আৰক্ষীয়ে ঘটনাৰ খবৰ পোৱাৰ পিচতে ৰামজীৰ ঘৰত উপস্থিত হয় আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰে । ঘটনাটোৰ পিচতে ৰামজীৰ পৰিয়ালটো আতংকিত হৈ পৰিছে । ভুক্তভোগী ৰামজীয়ে অভিযোগ কৰা মতে তেওঁৰ পৰিয়ালটোক কোনো লোকে হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল । যাৰ বাবে এই ক্ষেত্ৰত স্থানীয় ৰাইজ আৰু প্ৰশাসনৰ সহযোগিতা বিচাৰিছে পৰিয়ালটোৱে । দোষীক চিনাক্ত কৰি কঠোৰ শাস্তিৰো দাবী কৰিছে ৰামজী শৰ্মাৰ পৰিয়ালে । অৱশ্যে কোনে এই ঘটনা সংঘটিত কৰিলে ? ব্যক্তিগত শত্ৰুতা নে আন কাৰণ? আৰক্ষীৰ তদন্তৰ পিচত হে সকলো তথ্য পোহৰলৈ আহিব ।

লগতে পঢ়ক : শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভেজাল ঔষধ - Duplicate Medicine

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.