ETV Bharat / state

বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰা স্থানত বৃহৎ নিৰ্মাণকাৰ্যৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছে : ড৹ সঞ্জীৱ কুমাৰ বৰকাকতি - Five star hotel in Kaziranga

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 8:00 PM IST

Five star hotel in Kaziranga: বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতপ্ৰাপ্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনলৈ আহিছে এক চৰম ভাবুকি । বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা হেৰুওৱাৰ শংকা ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰামৰ্শদাতা এটি সংস্থাৰ । ইতিমধ্যেই অসম চৰকাৰলৈ সংস্থাটোৱে প্ৰেৰণ কৰিছে পত্ৰ । পৰৱৰ্তী সময়ত কি হ’ব পৰামৰ্শদাতা সংস্থাটোৰ পদক্ষেপ ? - এই সন্দৰ্ভত ই টিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

Five star hotel in Kaziranga
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ভাবুকি (ETV Bharat Assam)

নগাঁও, ১ আগষ্ট : এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত অসমৰ গৌৰৱ তথা বিশ্বৰ ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে বিশ্ব ঐতিহ্যৰ মৰ্যাদা হেৰুওৱাৰ শংকা প্ৰকাশ কৰি উদ্বিগ্ন হৈ পৰিছে বিভিন্ন প্ৰকৃতিপ্ৰেমীৰ লগতে ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰামৰ্শদাতা সংস্থা । শেহতীয়াতৈ ৰাজ্যজুৰি এই বিষয়টোয়ে চৰ্চা লাভ কৰাৰ মূলতেই হৈছে কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ প্ৰস্তাৱ ।

কাজিৰঙা ভ্ৰমণৰ বাবে অহা দেশী বিদেশী পৰ্যটকৰ লাহ-বিলাসৰ উদ্দেশ্যেই কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে বহিৰাগত বণিকগোষ্ঠীক অনুমতি প্ৰদান কৰা বুলি লাভ কৰা চৰ্চাই বিশেষকৈ উদ্বিগ্ন কৰি তুলিছে প্ৰকৃতিপ্ৰেমী তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰামৰ্শদাতা সংস্থাটোক ।

এশিঙীয়া গঁড়, বাঘ, হাতী, হৰিণাকে আদি কৰি বিভিন্ন বন্যপ্ৰাণীৰে ভৰপূৰ তথা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতি-কাষৰীয়া এলেকাৰ পৰা ইতিমধ্যেই জনজাতীয় লোকসকলক উচ্ছেদ কৰি পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে যো-জা আৰম্ভ কৰা অভিযোগে তোলপাৰ লগাইছে কাজিৰঙাত ।

আনকি বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি সমগ্ৰ বিষয়টোক লৈ স্পষ্টীকৰণ বিচাৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰামৰ্শদাতা সংস্থা ICOMOS এ অসম চৰকাৰলৈ প্ৰেৰণ কৰিছে পত্ৰ । এই সদৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰামৰ্শদাতা সংস্থাৰ সদস্য ড৹ সঞ্জীৱ কুমাৰ বৰকাকতিয়ে ।

পঞ্চতাৰকা হোটেল নিৰ্মাণক লৈ কি কয় ড৹ সঞ্জীৱ কুমাৰ বৰকাকতিয়ে ?

কাজিৰঙাত প্ৰস্তাৱিত পঞ্চতাৰকা হোটেল নিৰ্মাণে কাজিৰঙাৰ জীৱকুললৈ ভাবুকি কঢ়িয়াই অনাৰ আশংকা কৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰামৰ্শদাতা সংস্থাৰ সদস্য ড৹ সঞ্জীৱ কুমাৰ বৰকাকতিয়ে । লগতে বন্যপ্ৰাণী থকা অভয়াৰণ্যৰ দাতিকাষৰীয়া এলেকাত তথা বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰা স্থানত বৃহৎ নিৰ্মাণকাৰ্যৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছে বুলিও উল্লেখ কৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰামৰ্শদাতা সংস্থাৰ সদস্যগৰাকীয়ে ।

পৰৱৰ্তী পদক্ষেপ কি হ'ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰামৰ্শদাতা সংস্থাৰ ?

প্ৰথম পৰ্যায়ত ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণৰ পাচত পৰৱৰ্তী সময়ত সংস্থাটোৱে সৰ্বভাৰতীয় পৰ্যায়ৰ সংস্থাৰ সৈতে আলোচনাত মিলিত হৈ সম্পূৰ্ণ বিষয়টোক ইউনেস্ক’ক অৱগত কৰিব বুলিও জনালে বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰামৰ্শদাতা সংস্থাৰ সদস্য ড৹ বৰকাকতিয়ে । লগতে কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণ বন্ধ নকৰিলে পৰৱৰ্তী সময়ত ইউনেস্ক’ৰ পৰা সতৰ্কবাণী আহিব পাৰে বুলিও ইটিভি ভাৰতৰ সন্মুখত উল্লেখ কৰে ড৹ সঞ্জীৱ কুমাৰ বৰকাকতিয়ে ।

লগতে পঢ়ক: কাজিৰঙাৰ উচ্ছেদকলৈ সোচ্চাৰ কৃষক শ্ৰমিক সংগঠন - Eviction drive in Kaziranga

পঞ্চতাৰকা হোটেলৰ নামত কাজিৰঙাত চলিল উচ্ছেদ - Eviction drive in Kaziranga

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.