ETV Bharat / state

বন্য আইন উলংঘা কৰা নুমলীগড় শোধনাগাৰৰ দুই বিষয়াক জে’ললৈ প্ৰেৰণ - Wild Elephant Death In Golaghat

Wild Elephant Death : নুমলীগড়ৰ শোধনাগাৰৰ দুই বিষয়াক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ ৷ তেল শোধনাগাৰৰ দুগৰাকী বিষয়াই বন বিভাগৰ সম্পূৰ্ণ অজ্ঞাতে মৃত বন্যহস্তী গোপনে পুতিছিল ৷

author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 8:22 PM IST

NUMALIGARH REFINERY
গ্ৰেপ্তাৰ শোধনাগাৰৰ দুই বিষয়াক (ETV Bharat Assam)

গোলাঘাট, 24 জুলাই : নুমলীগড়ৰ নগৰাঞ্চলত মৃত বন্যহস্তী গোপনে পুতি থোৱাৰ অভিযোগত গ্ৰেপ্তাৰ শোধনাগাৰৰ দুই বিষয়াক ৷ এই ঘটনা সন্দৰ্ভত বন বিভাগে আজি কেবা ঘন্টা জোৰা সোধাপোছাৰ অন্তত বন্যপ্ৰাণী সুৰক্ষা আইন 1972 ৰ অধীনত গ্ৰেপ্তাৰ কৰে অভিযুক্ত দুয়োজন বিষয়াকে ৷ দুয়োজন বিষয়াক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে বন বিভাগে ৷ ইয়াৰ পাচতে দুয়োজন অভিযুক্তক আদালতে জে’ল হাজোতলৈ প্ৰেৰণ কৰে ৷

নুমলীগড়ৰ শোধনাগাৰৰ দুই বিষয়াক জে’ল হাজোতলৈ প্ৰেৰণ (ETV Bharat Assam)

উল্লেখ্য যে, বিগত 18 জুলাইত নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছিল এটা বনৰীয়া হাতীৰ ৷ শোধনাগাৰ কৰ্তৃপক্ষৰ ভুলৰ বাবে মৃত্যু হয় বনৰীয়া হাতীটোৰ ৷ কিন্তু ইয়াৰ পাচতে তেল শোধনাগাৰৰ দুগৰাকী বিষয়াই বন বিভাগৰ সম্পূৰ্ণ অজ্ঞাতে মৃত বন্যহস্তীটো গোপনে পুতি ৰাখে ৷

লগতে পঢ়ক : বন বিভাগক খবৰ নিদিয়াকৈ হাতীৰ মৃতদেহ পুতি থ'লে শোধনাগাৰ কৰ্তৃপক্ষই - Wild Elephant Death In Golaghat

এই ঘটনা পোহৰলৈ অহাত চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়া তথা প্ৰতিবাদৰ সৃষ্টি হয় ৷ এই ঘটনাৰ তদন্ত আৰু দোষীক শাস্তিৰ দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ৷ নুমলীগড় তেল শোধনাগাৰৰ নগৰাঞ্চলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অনুসুচিত জাতি ছাত্ৰ সন্থা আৰু তাই আহোম ছাত্ৰ সন্থাকে ধৰি কেবাটাও জাতীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে গোচৰ দাখিল কৰে ৷ অৱশেষত আজি গোলাঘাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ পৰা যোৱা এটা দলে ঘটনা সন্দৰ্ভত দুয়োজন বিষয়াক গ্ৰেপ্তাৰ কৰি ন্যায়িক আদালতত হাজিৰ কৰে ৷ আদালতে অভিযুক্ত দুয়োজনকে জে’ললৈ প্ৰেৰণ কৰে ৷ আনহাতে এই ঘটনাৰ লগত জড়িত আৰু লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷

লগতে পঢ়ক : বন্য আইন উলংঘা কৰাৰ অভিযোগ নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে - Wild Elephant Death In Golaghat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.