গোৱালপাৰা, 22 জুলাই : ৰাজ্য কঁপোৱা ব্যৱসায়ী অশোক গোৱেলৰ হত্যাকাণ্ডৰ দুই অভিযুক্ত হত্যাকাৰী বিমল ৰাভা আৰু ৰুস্তম ৰাভাক আজি গোৱালপাৰা ন্যায়িক আদালত হাজিৰ কৰে আৰক্ষীয়ে ৷ আদালতে দুই অভিযুক্ত হত্যাকাৰীক 7 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷
উল্লেখ্য যে, ব্যৱসায়ী অশোক গোৱেলৰ হত্যাকাণ্ডৰ তদন্তত গোৱালপাৰা আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰে৷ এই হত্যাকাণ্ডৰ মূল অভিযুক্ত হত্যাকাৰী বিমল ৰাভা আৰু ৰুস্তম ৰাভাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ ব্যৱসায়ী গোৱেলক শীতল মস্তিষ্কৰে গুলীয়াই হত্যা কৰাৰ পিচতেই এই দুই অভিযুক্ত অন্তৰ্ধান হৈছিল ৷ গোৱালপাৰা আৰক্ষীয়ে দেওবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত দুই অভিযুক্ত হত্যাকাৰীৰ সন্ধানত মেঘালয়ত এক অভিযান চলায় ৷ মেঘালয় আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত আৰক্ষীয়ে দুই হত্যাকাৰী বিমল ৰাভা আৰু ৰুস্তম ৰাভাক আটক কৰে ৷ আজি আৰক্ষীয়ে অভিযুক্ত হত্যাকাৰীদ্বয়ক গোৱালপাৰা ন্যায়িক আদালত হাজিৰ কৰে ৷ আদালতে দুই অভিযুক্তক 7 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷
আৰক্ষীৰ সূত্ৰ মতে অভিযুক্ত হত্যাকাৰী বিমল ৰাভা আৰু ৰুস্তম ৰাভাৰ বিৰুদ্ধে পূৰ্বেও অপৰাধমূলক কাৰ্য সংঘটিত কৰাৰ তথ্য আছে ৷ এই দুই হত্যাকাৰীয়েই ব্যৱসায়ী অশোক গোৱেলক শীতল মস্তিষ্কৰে শূণ্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা বুলিও সূত্ৰটোৱে লগতে প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে বিগত 14 জুলাইত গোৱালপাৰাত ব্যৱসায়ী অশোক গোৱেলক ৰাজপথৰ ওপৰত গাড়ীৰ ভিতৰতে গুলীয়াই হত্যা কৰি হত্যাকাৰীৰ দলটো পলায়ন কৰিবলৈ সক্ষম হৈছিল ৷ নিজ পুত্ৰৰ সৈতে জিলাখনৰ ধূপধৰাৰ পৰা গোৱালপাৰা চহৰ অভিমুখে আহি থকা অৱস্থাতে কল্যাণপুৰ-গোৱালপাৰা সংযোগী পথত দুৰ্বৃত্তৰ দল এটাই অশোক গোৱেলৰ বাহনক আগভেটি ধৰি পুত্ৰৰ সন্মুখতে শূণ্য দূৰত্বৰ পৰা গোৱেলক গুলীয়াই হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷
এই ঘটনাৰ নিশাই অশোক গোৱেলৰ গাড়ী চালকক আশান আলীক সোধ-পোছৰ কাৰণে আটক কৰিছিল আৰক্ষীয়ে ৷ তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত বিগত 16 জুলাইত বলদমাৰী চৰৰ নিজ বাসগৃহৰ পৰা হত্যাকাৰীৰ দলৰ গাড়ী চালক জাহিদুল ইছলামক আটক কৰে ৷ 17 জুলাইৰ নিশা দুই অভিযুক্ত হত্যাকাৰী চালক আশান আলী আৰু জাহিদুল ইছলাম আৰক্ষীৰ একাউণ্টাৰত আহত হয় ৷ আৰক্ষীৰ বন্দুকৰ গুলীত গুলীবিদ্ধ দুই চালক চিকিৎসালয়ত ভৰ্তি হৈ আছে ৷ দুয়োকে জেৰাৰ অন্তত আৰক্ষীয়ে গোৱেল হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হয় ৷ টকাৰ বাবেই ব্যৱসায়ী গোৱেলক শীতল মস্তিষ্কৰে গুলীয়াই হত্যা কৰা বুলি আৰক্ষী প্ৰায় নিশ্চিত হোৱাৰ লগতে হত্যাকাণ্ডৰ মূল অভিযুক্ত হত্যাকাৰীক চিনাক্ত কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰে বিমল ৰাভা আৰু ৰুস্তম ৰাভাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল যদিও ৰফিকুল নামৰ আন এটা অভিযুক্ত হত্যাকাৰী পলাতক হৈ আছে ৷
লগতে পঢ়ক : অশোক গোৱেল হত্যাকাণ্ড: আন দুই অভিযুক্তক মেঘালয়ত গ্ৰেপ্তাৰ - Businessman murder in Goalpara