ETV Bharat / state

ছাৰনা ধৰ্মক স্বীকৃতি সন্দৰ্ভত লখিমপুৰত আদিবাসী ছেঙ্গেল অভিযানৰ জাগৰণ সভা - Adivasi Sengel Abhiyan - ADIVASI SENGEL ABHIYAN

Adivasi Sengel Abhiyan: আদিবাসীসকলৰ ছাৰনা ধৰ্মক চৰকাৰে আজিও স্বীকৃতি নিদিলে । ছাৰনা ধৰ্মৰ স্বীকৃতি, জনজাতিকৰণৰ দাবীৰে লখিমপুৰত জনজাগৰণ সভা আয়োজন আদিবাসী সমাজৰ ৷

Adivasi Sengel Abhiyan
লখিমপুৰত আদিবাসী ছেঙ্গেল অভিযানৰ জাগৰণ সভা
author img

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 4:27 PM IST

লখিমপুৰত আদিবাসী ছেঙ্গেল অভিযানৰ জাগৰণ সভা

লখিমপুৰ, ২৫ মাৰ্চ: আদিবাসী সমাজৰ ছাৰনা ধৰ্মক স্বীকৃতি দিয়া নাই চৰকাৰে । প্ৰায় ৫০ লাখ জনসংখ্যাৰ চাওতালসকলৰ ছাৰনা ধৰ্মক স্বীকৃতি দিয়াৰ সন্দৰ্ভত আদিবাসী ছেঙ্গেল অভিযানৰ অংশ হিচাপে আজি অৰ্থাৎ সোমবাৰে লখিমপুৰৰ ত্যাগ ক্ষেত্রত আদিবাসী সমাজে এখন জনজাগৰণ সভা আয়োজন কৰে ৷ উক্ত সভাত তেওঁলোকে চৰকাৰৰ স্থিতিক সমালোচনা কৰাৰ লগতে ক্ষোভ প্রকাশ কৰে ।

আদিবাসী সমাজৰ অন্যতম চাওতালসকলে দীর্ঘদিন ধৰি ছাৰনা ধৰ্মৰ স্বীকৃতি বিচাৰি চৰকাৰক আবেদন জনাই আহিছে যদিও চৰকাৰে এই সন্দৰ্ভত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । ইয়াকে লৈ আজি লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত আয়োজন কৰা ছাৰনা ধৰ্ম কোড জনজাগৰণ সভাত অংশগ্রহণ কৰি আদিবাসী ছেঙ্গেল অভিযানৰ ৰাজ্যিক সভাপতি চোহান হেমৰমে চৰকাৰৰ ভূমিকাক সমালোচনা কৰে ৷

হেমৰমে কয়, ছটা ধৰ্মক চৰকাৰে স্বীকৃতি দিছে যদিও আদিবাসীসকলৰ ছাৰনা ধৰ্মক এতিয়াও স্বীকৃতি দিয়া হোৱা নাই । বিগত ২০১১ চনৰ লোকপিয়লত অসমত ৫০ লাখ চাওতাল আছে বুলি তথ্য প্ৰকাশ হৈছিল । কিন্তু তাতোকৈ কম জনসংখ্যাৰ জৈন সকলক চৰকাৰে ধৰ্মৰ স্বীকৃতি দিলে যদিও ছাৰনা ধৰ্মক স্বীকৃতি নিদিলে । যাৰ বাবে এই ধৰ্মৰ লোক এতিয়া ধৰ্মান্তৰিত হ’ব ধৰিছে ।

তেওঁ আদিবাসীসকলৰ জনজাতিৰ প্ৰসংগ তুলি কয় বিহাৰ, বেংগল, চত্তীশগড় আদি বিভিন্ন ৰাজ্যত আদিবাসীসকলৰ জনজাতিৰ স্বীকৃতি দিয়া হ’ল । অসমত কিন্তু আজিও আদিবাসীসকলক জনজাতিৰ স্বীকৃতি দিয়া হোৱা নাই । দেশৰ একেখন সংবিধানৰ তলত থকা লোকৰ প্ৰতি চৰকাৰে এনেদৰে বৈষম্য কৰা বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে ।

লগতে পঢ়ক: কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ কেইবাটাও আদিবাসী সংগঠন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.