ETV Bharat / state

পুত্ৰৰ নিৰ্যাতন সহিব নোৱাৰি বৃদ্ধাশ্ৰমত আশ্ৰয় বৃদ্ধৰ: শিশু সুৰক্ষা গৃহত থলে তিনি নাতি-নাতিনীক - Helpless old man

author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 12:55 PM IST

Pathetic story in Golaghat: কিমান নিষ্ঠুৰ হ'ব পাৰে এজন সুৰাপায়ী পুত্ৰ ? পৰিয়ালৰ সকলোৰে ওপৰত নিৰ্যাতন চলোৱাই নহয়, ধনৰ বাবে আনৰ হাতত সন্তানকো তুলি দিয়াৰ পৰিকল্পনা কৰিব পাৰে । এনে এক ঘটনাই সংঘটিত হৈছে গোলাঘাটত ।

Pathetic story in Golaghat
হৃদয়বিদাৰক ঘটনা
হৃদয়বিদাৰক ঘটনা

গোলাঘাট, ২৪ এপ্রিল: গোলাঘাট জিলাৰ কমাৰবন্ধা আৰক্ষী চকীৰ অন্তৰ্গত চুতীয়া গাঁৱত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা । কমাৰবন্ধাৰ চুতীয়া গাৱঁৰ এজন নিৰ্দয় পিতৃয়ে নিজৰ ২ বছৰীয়া পুত্ৰক বিক্ৰী কৰিবলৈ চেষ্টা চলোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । ৰন্টু গোস্বামী (৩৮) নামৰ পাষাণ পিতৃয়ে কেৱল সন্তানক বিক্ৰী কৰিবলৈ চেষ্টা কৰাতেই ক্ষান্ত থকা নাই, তেওঁৰ বৃদ্ধ পিতৃকো চলাই আহিছে অকথ্য় নিৰ্যাতন ।

ৰন্টু নামৰ এইজন উদণ্ড লোকৰ নানা অকথিত কাহিনী সম্প্ৰতি পোহৰলৈ আহিছে । এই লোকজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মতে, ৰন্টুৱে দীৰ্ঘদিন ধৰি পিতৃ নকুল গোস্বামী ওৰফে কালুক (৭০) শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছে । পুত্ৰৰ এনে অমানুষিক নিৰ্যাতন সহিব নোৱাৰি বহু দিনৰ আগতেই মাতৃ ঘৰৰ পৰা ওলাই যায় । ৰন্টুৱে নিজ পিতৃ-মাতৃক নিৰ্যাতন চলোৱাই নহয় পত্নীকো বছৰ বছৰ ধৰি নিৰ্যাতন চলাই আহিছে। ৰন্টুৰ এই অমানুষিক নিৰ্যাতন সহিব নোৱাৰি পত্নীও ঘৰৰ পৰা ওলাই গৈছে ।

দিন বাগৰি যোৱাৰ লগে লগে ৰন্টুৰ স্বভাৱ অধিক উগ্ৰ আৰু নিষ্ঠুৰ হৈ পৰিল । ৰন্টুৱে আনকি নিজৰ তিনিটাকৈ সন্তানৰ ওপৰতো নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে । নিজৰ পুত্ৰৰ এনে নিষ্ঠুৰতাৰ পৰা তিনিওটা নাতিকে ৰক্ষা কৰি ককাক নকুল গোস্বামীয়ে ৰক্ষণাবেক্ষণ দিয়ে । পুত্ৰৰ এনে অসহ্য নিৰ্যাতন আৰু সহ্য নকৰে বুলি তিনিটা নাতিক বুকুত সাৱটি নকুল গোস্বামী স্হানীয় কমাৰবন্ধা আৰক্ষী চকীত হাজিৰ হয় । বিক্ৰী কৰিবলৈ লোৱা ২ বছৰীয়া পুত্ৰ, ৪ বছৰীয়া পুত্ৰ আৰু এগৰাকী ৭ বছৰীয়া শিশুক লগত লৈ বৃদ্ধ নকুল গোস্বামী থানাত হাজিৰ হোৱা বুলি প্ৰচাৰ হোৱাৰ পাছতেই অভিযুক্ত ৰন্টুৱে ঘৰৰ পৰা পলায়ন কৰে ।

কমাৰবন্ধা আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে নকুল গোস্বামীক বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ কৰে । আনহাতে, গোলাঘাট জিলা শিশু সুৰক্ষা সমিতিৰ সৈতে যোগাযোগ কৰি তিনিটি শিশুক শিশু সুৰক্ষা গৃহলৈ প্ৰেৰণ কৰে । বৰ্তমান কমাৰবন্ধা আৰক্ষীয়ে অভিযুক্ত ৰন্টু গোস্বামীক বিচাৰি অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:পিতৃ-মাতৃহীন তিনি সন্তানৰ কৰুণ কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.